চিৰাংঃ চিৰাঙত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। চিৰাঙৰ ঢালিগাঁৱৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো । এখন কন্টেইনাৰে মহতিয়াই নিয়ে এখন হুণ্ডাই ইঅ’ন বাহন। জানিব পৰা মতে, কন্টেইনাৰখনৰ নম্বৰ এন এল ০১ এল ৩৮৮৫ আৰু ইঅ’ন বাহনখনৰ নম্বৰ এ এছ ১৮ ডি ৩২২৩।

এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত কন্টেইনাৰখনৰ চেপাত আৱদ্ধ হৈ পৰে ইঅ’ন বাহনখনৰ চাৰিজন যাত্ৰী। তাৰপাছত তিনিখন ক্ৰেইন, জেচিবি ব্যৱহাৰ কৰি কন্টেইনাৰ আঁতৰাই গুৰুতৰভাবে আহত অৱস্থাত চাৰিজনকে উদ্ধাৰ কৰা হয়। এই পথ দুৰ্ঘটনাত আহত কেইজন ক্ৰমে- ৰিঙ্কু আলী, দেৰাজ আলী, হাছেম আলী আৰু হুছেইন আলী বুলি চিনাক্ত কৰা হৈছে। আহত লোক কেইজনৰ ঘৰ বঙাইগাঁৱৰ বৰপথাৰ গাঁৱত।

আহত কেইজনৰ ভিতৰত হাছেম আলীৰ অৱস্থা সংকটজনক। সেয়েহে আহত হাছেম আলীক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত বঙাইগাঁৱৰ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও, চিকিৎসকে হাছেম আলী মৃত বুলি ঘোষণা কৰে। স্থানীয় লোক তথা জিলা আমছুৰ অভিযোগ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত কন্টেইনাৰ চেপাত হেচাঁ খাই জীৱিত থকা যাত্ৰী সকলে প্ৰাণৰক্ষাৰ বাবে চিঞৰি থকা দেখি স্থানীয় লোকে ঢালিগাঁও আৰক্ষী থানাত খবৰ দিয়ে কিন্তু আৰক্ষী-প্ৰশাসনৰ লোক ঘটনাস্থলীত প্ৰায় দুই ঘন্টা সময় পলমকৈ উপস্থিত হয়।

আজিৰ এই দুৰ্ঘটনাৰ ফলত দীৰ্ঘ সময়ৰ ৰাষ্ট্ৰীয় ঘাইপথৰ যানবাহনৰ চলাচল বন্ধ হৈ পৰে। পৰবৰ্তী সময়ত দুৰ্ঘটনাস্থলীত চিৰাং জিলা আৰক্ষী অধীক্ষক প্ৰাণজিত বৰা, অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধী, উপ আৰক্ষী অধীক্ষক ল’ব কুমাৰ ডেকা নিজে উপস্থিত হৈ আহত কেইজনক উদ্ধাৰ কৰা কামত সহায় কৰি এম্বুলেঞ্চ যোগে চিকিৎসালয়ত প্ৰেৰণ কৰে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply