চিৰাংঃ চিৰাঙৰ চিদলীৰ ৰাষ্ট্ৰীয় ঘাইপথত এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত থিতাতে নিহত হয় এজন মটৰ চাইকেলআৰোহী। নিহত লোকজনক চিদলী-চিৰাং খণ্ড উন্নয়ণ বিভাগৰ কৰ্মচাৰী দীপক বশিষ্ট বুলি চিনাক্ত কৰা হৈছে ।
প্ৰত্যক্ষদৰ্শীৰ মতে দীপকে এএচ ১৯কে ১৬৭২ নম্বৰৰ নিজৰ মটৰচাইকেলেৰে ঘৰলৈ আহি থকা অৱস্থাত এনএল ০১ এ ই ৮০৭৩ নম্বৰৰ এখন ট্ৰেইলাৰে মহতিয়াই লৈ যোৱাত দুৰ্ঘটনাস্থলীতে থিতাতে নিহত হয়।
লগতে পঢ়কঃবিনা প্ৰতিদ্বন্দিতাৰে উত্তৰ গুৱাহাটী পৌৰসভা বিজেপিৰ দখলত
পথ দুৰ্ঘটনাৰ পাছতে চিদলীৰ ৩১ নং চি ৰাষ্ট্ৰীয় ঘাইপথত প্ৰায় আধা ঘন্টা সময়ৰ বাবে যানবাহনৰ চলাচল বন্ধ হৈ পৰে ফলত তীব্ৰ যানজটৰ সৃষ্টি হয় ।
উল্লেখ যে, চিদলীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা চিদলী প্ৰৱেশ কৰা পথচোৱাত প্ৰায়েই পথ দুৰ্ঘটনা হয় । অতি গুৰুত্বপূৰ্ণ ঠাই ঠোখৰত কোনো ট্ৰেফিক পইন্ট নথকাৰ কাৰণেই এনেধৰনৰ পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে বুলি স্থানীয় লোকে অভিযোগ কৰে । চিদলী আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে ।