চিৰাং: চিৰাং জিলা প্ৰশাসন আৰু জিলা শিশু সুৰক্ষা কাৰ্য্যালয়ৰ যৌথ উদ্যোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰা এই আলোক যাত্ৰা ভ্ৰমণ কাৰ্যসূচী। এই যাত্ৰা ভ্ৰমণ কাৰ্যসূচী জিলা উপায়ুক্ত কাৰ্য্যালয় চৌহদত পতাকা উত্তোলনৰে মুকলি কৰে চিৰাং জিলাৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে৷

তিনিখন বাছত জিলাখনৰ চাৰিটা শিশু নিৰীক্ষণ কেন্দ্ৰৰ মুঠ ৭৮ গৰাকী অনাথ ল’ৰা-ছোৱালীক এই ভ্ৰমণ কাৰ্য্যসূচীত সামৰি লোৱা হৈছে৷ আজিৰ এই কাৰ্য্যসূচী সন্দৰ্ভত জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে কয় যে- বিভিন্ন কাৰণত যিসকল অনাথ নাবালক-নাবালিকা শিশু সুৰক্ষা গৃহত আশ্ৰয় ল’ব লগাত পৰিছে, সেই শিশু সকল যাতে সমাজৰ অন্যান্য স্বাভাবিক শিশু সকলৰ দৰেই ভ্ৰমণ, মনোৰঞ্জনৰ মাজেৰে জ্ঞান আৰোহন কৰি তেওঁলোকৰ চফা মনৰ অৱস্থা সুস্থিৰ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই ভ্ৰমণ কাৰ্য্যসূচী গ্ৰহণ কৰা হৈছে ৷

আলোক যাত্ৰাৰ এই দুদিনীয়া গুৱাহাটী মহানগৰ ভ্ৰমণকালত কণ কণ শিশু সকলক তৰাঘৰ, কলাক্ষেত্ৰ, বিজ্ঞান যাদুঘৰ আৰু ৰাজ্যিক চিৰিয়াখানা দেখুওৱা হ’ব৷ জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত এই আলোক যাত্ৰা কাৰ্য্যসূচীৰ জৰিয়তে পোনপ্ৰথমবাৰৰ বাবে গুৱাহাটী মহানগৰীৰ বিভিন্ন মনোৰম ঠাই দৰ্শন লাভ কৰিব, এই বিষয়টো লৈ অংশগ্ৰহণকাৰী শিশু সকল যথেষ্ট উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে। দলটোৰ নেতৃত্ব দিছে বিজনীৰ মহকুমাধিপতি ৰাহুল কুমাৰ গুপ্তা আৰু জিলা শিশু সুৰক্ষা বিষয়া সুৰশ্ৰী পাঠকে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply