চিৰাংঃ প্ৰাপ্য মাননি মোকলাই নিদিয়া আৰু বৈষম্যমূলক নীতি অৱলম্বন কৰাৰ প্ৰতিবাদত চিদলী স্বাস্থ্য খণ্ড কাৰ্যালয়ত এএনএম (নাৰ্চ) সকলে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। প্ৰাপ্য মাননি আদায় নিদিয়ালৈকে স্বাস্থ্য বিভাগৰ কেৱল জৰুৰীকালীন সেৱা বাদ দি বাকী সকলো কৰ্তব্যৰ পৰা আঁতৰি থাকি কৰ্ম বিৰতিৰ কথা ঘোষণা কৰে ।

চিদলী স্বাস্থ্য খণ্ড এলেকাত কৰ্মৰত এএনএম সকলৰ প্ৰাপ্য মাননি আদায় দিয়াৰ নামত বিভাগীয় কৰ্তৃপক্ষই বৈষম্যমূলক নীতি অৱলম্বন কৰাৰ অভিযোগ এএনএম নাৰ্চ সন্থাৰ। কাৰণ একেখন চিৰাং জিলাৰ অন্যান্য স্বাস্থ্য খণ্ড এলেকাত কৰ্মৰত নাৰ্চে মাননি লাভ কৰিছে, আনকি চিদলী স্বাস্থ্য খণ্ডৰো কৰ্মৰত দুই তিনিজন নাৰ্চে প্ৰাপ্য মাননি লাভ কৰিছে।

কিন্তু চিদলী স্বাস্থ্য খণ্ডৰ গাণনিক জয়ন্ত কুমাৰৰ হেঁমাহীৰ বাবেই অধিকাংশ নাৰ্চ সকলৰ মাননি আদায় দিয়া হোৱা নাই বুলি অভিযোগ উত্থাপন কৰি আজি কৰ্মৰত বিৰতিৰ জৰিয়তে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

অথচ তেওঁলোকৰ প্ৰাপ্য মাননি জিলা স্বাস্থ্য বিভাগৰ পৰা ফেব্ৰুৱাৰীৰ ২ তাৰিখে মোকলাই দিয়া হৈছে, কিন্তু গাণনিক জয়ন্ত কুমাৰে বিভিন্ন কামৰ অজুহাত দেখুৱাই মাননিৰ ধন মোকলাই দিয়া নাই বুলি অভিযোগ কৰে। প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ খবৰ লাভ কৰি গাণনিক জয়ন্ত কুমাৰ প্ৰতিবাদ স্থলীত উপস্থিত হৈ এএনএম সকলৰ সৈতে তৰ্ক যুদ্ধত লিপ্ত হয়।

সংবাদ মাধ্যমৰ সন্মুখতে নাৰ্চ সকলৰ সৈতে তৰ্ক কৰাত এএনএম সকলো জাঙুৰ খাই উঠাত গাণনিক জয়ন্ত কুমাৰ তাৰ পৰা আঁতৰি যায়। প্ৰতিবাদকাৰী এএনএম সকলে তেওঁলোকৰ দাবী সম্বলিত এখন স্মাৰক পত্ৰ জিলা উপায়ুক্তক প্ৰদান কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply