চিৰাংঃ বিজনীৰ উত্তৰাঞ্চলত বিগত কিছুদিন ধৰি বৃদ্ধি পাইছে বন্যহস্তীৰ তাণ্ডৱ। বিজনীৰ ভাৰত-ভূটান সীমান্তৱৰ্তী ১ নং চিকাঝোৰা গাঁৱত বনৰীয়া হাতীৰ এটা জাক প্ৰৱেশ কৰি গাঁওখনৰ কৃষক পলান দেৱনাথৰ গৃহ ভাঙি লণ্ড-ভণ্ড কৰে।
বন্যহস্তীয়ে কৃষকজনৰ ১ বিঘা মাটিৰ ভাত কেৰেলাৰ খেতি খাই তহিলং কৰে।
কাষৰীয়া সংৰক্ষিত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা প্ৰতি নিশাই খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীৰ জাকে গাঁৱখনত প্ৰৱেশ কৰি ৰাইজৰ বিস্তৰ ক্ষতিসাধন কৰি আহিছে। বন্যহস্তীৰ উপদ্ৰৱ ৰোধ কৰাৰ বাবে চৰকাৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ কাষেৰে হাতী প্ৰতিৰোধী বৈদ্যুতিক তাঁৰৰ ব্যৱস্থা কৰিছে যদিও সেয়া যথেষ্ট দুৰ্বল হোৱাৰ বাবে বন্যহস্তীয়ে অনাহাৰে ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি গ্ৰামাঞ্চলত প্ৰৱেশ কৰে।
বন্যহস্তীয়ে এইদৰে প্ৰায়ে গঞাঁ ৰাইজৰ ঘৰ-দুৱাৰ খেতিপথাৰৰ বিস্তৰ ক্ষতিসাধন কৰি আহিছে। তাৰোপৰি উক্ত অঞ্চল সমূহত সন্ধিয়া হ’লে বিদ্যুৎ নাথাকে। বিদ্যুৎ নথকাৰ ফলত নিশাৰ আন্ধাৰত বন্যহস্তী প্ৰৱেশ কৰি ৰাইজৰ অধিক ক্ষতি সাধন কৰি আহিছে।
লগতে পঢ়কঃচাউল চুৰিত নামিছে একাংশ চৰকাৰী বিষয়া আৰু সমবায় এজেন্ট: গোৰেশ্বৰত তীব্ৰ প্ৰতিবাদ