চিৰাং: চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতা থানাৰ অন্তৰ্গত খুংগ্ৰীঙত কালি নিশা সংঘটিত এনকাউন্টাৰ। চিৰাং আৰক্ষী আৰু দুৰ্বৃত্তৰ মাজত প্ৰচণ্ড গুলীয়াগুলীৰ ঘটনা সংঘটিত হয়। আৰক্ষীৰ গুলীত নিহত হৈছে দুটা দুৰ্বৃত্ত।
ইফালে, দুৰ্বৃত্তৰ গুলীত গুৰুতৰভাৱে আহত চিৰাঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধী। হাতত দুটাকৈ গুলী লগা আৰক্ষী বিষয়া গৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে। আনহাতে, আৰক্ষীৰ গুলীত নিহত দুজনৰ কোনো তথ্য আৰক্ষীয়ে সদৰি কৰা নাই এতিয়ালৈকে।
উল্লেখ্য যে, ২৯ মাৰ্চৰ নিশা চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ আমগুৰী থানাৰ মালিভিটা এলেকাত এক চাঞ্চ্যলকৰ ডকাইতিৰ ঘটনা সংঘটিত হৈছিল। কালি নিশা এনকাউন্টাৰত নিহত দুজন উক্ত ডকাইতি কাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।