চিৰাংঃ চিৰাঙৰ বাসুগাঁৱত বিধ্বংসী অগ্নিকাণ্ড। চহৰৰ মূলপথৰ ঘনবসতি এলেকাৰ ব্যৱসায়ীক প্ৰতিষ্ঠানত সংঘটিত হৈছে এই অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত গৌতম সাহা আৰু আছাৰুদ্দিন শ্বেখৰ নামৰ ব্যৱসায়ী দুজনৰ দুখন দোকান সম্পূৰ্ণ ৰূপে ভস্মীভূত হোৱাৰ লগতে কেইবাখনো ব্যৱসায়ীক প্ৰতিষ্ঠান আৰু বাসগৃহ আংশিক ভাবে ক্ষতিগ্রস্থ হয়।

অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী অহাৰ আগতেই স্থানীয় লোকসকলৰ তৎপৰতাত জুই নিয়ন্ত্ৰণ ৰখাত এলেকাটোৰ বৃহৎ অংশ ক্ষয়ক্ষতিৰ পৰা ৰক্ষা কৰাত সহায় কৰে তাৰ পিছত অগ্নিনিৰ্বাপক বাহিনীৰ লোক আহি জুই নিৰ্বাপন কৰে। উল্লেখ্য যে বাসুগাঁও চহৰত অগ্নিনিৰ্বাপক বাহিনীৰ আস্থান নথকাৰ বাবে কাজলগাঁৱৰ পৰা এক ঘন্টা পিছত অগ্নিনিৰ্বাপক বাহিনীৰ বাহন আহি জুই নিৰ্বাপন কৰে।

বৈদ্যুতিক শ্বৰ্টচাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰিছে স্থানীয়লোকে। এই অগ্নিকাণ্ডৰ ফলত দহ লক্ষাধিক টকা মূল্যৰ সা-সম্পত্তি জুইত জাহ যায় ।

লগতে পঢ়কঃতেজপুৰত ৭খনকৈ বলেৰ’ লৈ উধাও হ’ল ডকাইত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply