নিউজ ডেস্কঃ পাৱাৰলুম গামোচা বিচাৰি চিৰাঙত জিলা প্ৰশাসন আৰু হস্ততাঁত-বস্ত্ৰশিল্প বিভাগৰ যুটীয়া অভিযান। চিৰাঙৰ কাজলগাঁৱত চলোৱা এই অভিযানত প্ৰায় ২৩০ খন পাৱাৰলুম গামোচা জব্দ কৰা হৈছে। 

ইফালে, বিক্ৰেতাসকল যাতে পাৱাৰলুমৰ গামোচা আগন্তুক সময়ত বিক্ৰী নকৰে তাৰ বাবে আহ্বান জনায় জিলা প্ৰশাসনে। নহ’লে বিক্ৰেতাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সকীয়নি দিয়ে। 

উল্লেখযোগ্য যে, অসমীয়া গামোচাই জিআই টেগ লাভৰ পাছত অসমৰ বজাৰত পাৱাৰলুম তথা বহিঃৰাজ্যৰ উৎপাদিত গামোচাৰ বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। 

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিচতেই বহিঃৰাজ্যত পাৱাৰলুম মেচিনত উৎপাদিত গামোচাৰ বিৰুদ্ধে জিলাই জিলাই প্ৰশাসনে অভিযান অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply