চিৰাংঃ চিৰাং জিলাৰ চিদলী উন্নয়ন খণ্ডৰ অন্তৰ্গত কাকৰাগাঁৱৰ নিকটৱৰ্তী কামানডাঙ্গাত গ্ৰাম্য চিচিব্ল’ক পথ নিৰ্মানৰ নামত বিসংগতি সংঘটিত হোৱাৰ অভিযোগ। ৰাইজে অভিযোগ- বিটিচিৰ গুডউইল আঁচনিৰ ১,১৫,০৫০০০ টকীয়া কাম আৰম্ভ কৰিছে ঠিকাদাৰ ভৈৰব ব্ৰহ্মই। ঠিকাদাৰজনে পথৰ আধাৰশিলা স্থাপন নকৰাকৈ আৰু গাঁৱৰ কোনো লোকক নজনোৱাকৈ অতি নিম্ন মানৰ কামেৰে পথ নিৰ্মান কৰি আছে।
পথচোৱা যিমান বহল হ’ব লাগিছিল, সিমানখিনি নকৰাকৈ ৰাইজক নজনোৱাকৈ পূৰ্বতে থকা পথৰ ওপৰতে কোনোমতে চিচিব্লক দি পথ নিৰ্মান কৰি আছে। গাঁওবাসীয়ে পথৰ বিষয়ে কিবা ক’লেও ঠিকাদাৰে গাঁওবাসীক ধমকিহে দিয়ে বুলি অভিযোগ কৰে ৰাইজে।
ইতিমধ্যে ৰাইজে নিম্ন মানৰ কাম হোৱা বাবে কাম বন্ধ কৰি দিয়াত ৰাইজৰ বিৰুদ্ধে ঢালিগাঁও থানাত গোচৰো দিছে ঠিকাদাৰ ব্ৰহ্মই। গাঁওবাসীয়ে অভিযোগ কৰে যে- কোটী টকীয়া পথ নিৰ্মান হৈ আছে যদিও, পথ পৰিদৰ্শনৰ বাবে বিভাগীয় ভাৱে কোনো অভিযন্তা বা আন কোনো লোকে পৰিদৰ্শন কৰিবলৈও অহা নাই। এই সন্দৰ্ভত গাঁওবাসীয়ে ইতিমধ্যে জিলা উপায়ুক্তক অভিযোগ দাখিল কৰিছে।
ৰাইজৰ দাবী বিভাগীয় লোকে পথচোৱা ভালদৰে বনাব লাগে। কাৰণ পথৰ কাম বাৰে বাৰে কৰা নহয়। বহুদিনৰ মূৰত পথ নিৰ্মানৰ মঞ্জুৰি দিছে চৰকাৰে, সেয়ে ভাল দৰে পথ নিৰ্মান হ’ব লাগে। চৰকাৰে দুৰ্নীতি মুক্ত কৰিব বিচাৰি আছে। ইফালে, বিভাগীয় ঠিকাদাৰ আমোলাই দূৰ্নীতিত পোত গৈছে। এই পথ সম্পূৰ্ণ দুৰ্নীতিমুক্ত ভাৱে নীতি-নিয়মৰ মাজেৰে ভাল পথ নিৰ্মাণৰ দাবী জনাইছে কামানডাঙ্গা গাঁওবাসীয়ে।