চিৰাংঃ চিৰাঙত আটক কৰা হৈছে তিনিজন চোৰাংচিকাৰীক। চিৰাঙৰ ভাৰত-ভূটান সীমান্তত এছএছবিৰ এক অভিযানত আটক কৰা হয় এই চোৰাংচিকাৰী কেইটাক। বৃহস্পতিবাৰে কয়লা ময়লাস্থিত এছএছবিৰ ১৫ নং বেটেলিয়ানৰ এটা দলে পূৰ্ণিয়া বজাৰৰ এখন দোকানত এই অভিযান চলায়।

অভিযানকালত এছএছবিয়ে বন্যপ্ৰাণী হত্যা কৰি বিক্ৰী কৰা তিনিজনীয়া চোৰাংচিকাৰীৰ দলটোক আটক কৰে। অভিযানকাৰী দলটোৱে দোকানখনৰ ভিতৰত তালাচী চলাই বস্তাৰ ভিতৰত লুকুৱাই ৰখা অৱস্থাত ১০০ কেজি ওজনৰ বনগৰুৰ মঙহ, হস্তনিৰ্মিত বন্দুক, বাৰুদ, তীৰ উদ্ধাৰ কৰে।

এছএছবিয়ে অভিযান চলাই আটক কৰা চোৰাং চিকাৰী কেইজন ক্ৰমে- বুথিৰাম বসুমতাৰী (৫৬) , ডিচেম্বৰ মহিলাৰী (১৮) আৰু তুজুৰস বসুমতাৰী (১৭) । তিনিওজনৰ ঘৰ আমগুৰী থানাৰ অন্তৰ্গত কয়লা ময়লা আৰক্ষী চকীৰ থাইগীৰগুৰী গাঁৱত বুলি জানিব পৰা গৈছে । ইফালে, এছএছবিৰ দলে আটকাধীন চোৰাংচিকাৰী কেইজনক বিয়লিৰ ভাগত কয়লা ময়লাৰ ফৰেষ্ট ৰেঞ্জ অফিচত গতাই দিয়ে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply