নিউজ ডেস্কঃ চুবুৰীয়া চীন দেশৰ পৰা বৈ অহা চিয়াং নৈৰ পানী পুনৰ অস্বাভাৱিকভাৱে ঘোলা হৈ পৰাক লৈ শেহতীয়াকৈ সৃষ্টি হৈছে বিতর্ক আৰু চর্চাৰ ৷
যাকলৈ এতিয়া পুনৰ চিন্তিত হৈ পৰিছে অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ লগতে অসমৰ চিয়াং-বহ্মপুত্ৰ নৈ পৰীয়া ৰাইজ।
উল্লেখ্য যে, চাংপো নৈ অৰুণাচলত প্রৱেশ কৰি চিয়াং নাম লৈছে আৰু অসমত এই নৈখনে ব্রহ্মপুত্র নাম লৈছে ৷
যোৱা ২৭ মাৰ্চৰ পৰা চিয়াং নৈত অস্বাভাৱিকভাৱে ঘোলা পানী প্ৰৱাহিত হৈ থকাৰ লগতে জলস্তৰো উঠা-নমা হোৱা বুলি জানিব পৰা গৈছে।
অৰুণাচল প্ৰদেশত কেন্দ্ৰীয় জল আয়োগে এই সন্দৰ্ভত পৰ্যবেক্ষণ কৰি আছে।
ইফালে হঠাৎ এইদৰে চিয়াঙৰ পানী ঘোলা হৈ পৰাত অৰুণাচল প্ৰদেশৰ প্ৰাক্তন সাংসদ তথা বৰ্তমান পশ্চিম পাছিঘাট সমষ্টিৰ বিধায়ক নিনং ইৰিঙে পৰিদৰ্শন কৰে চিয়াং নৈ।
বিধায়ক গৰাকীৰ মতে চীনৰ য়াৰলুং চাংপু নৈৰ ওপৰত এক বৃহৎ নদীবান্ধ নিৰ্মাণৰ ফলত পাহাৰ খননৰ বাবে ঘোলা হৈছে চিয়াঙৰ পানী।
ইয়াৰ পূর্বেও বিগত বর্ষত একেই ধৰণে চিয়াঙৰ পানী ঘোলা হৈ পৰিছিল ৷ সেই সময়ত প্রথমবাৰৰ বাবে নৈখনৰ তথ্য চীন চৰকাৰে ভাৰত চৰকাৰক দাঙি ধৰি নৈখনত হোৱা ভূমিস্খলনৰ কথা অৱগত কৰিছিল ৷ তাৰ বাবেই যে পানী ঘোলা হৈছিল, সেয়া স্পষ্ট হৈছিল ৷