জামুগুৰিহাটঃ সমগ্ৰ ৰাজ্যতে বন্ধন বেংকৰ ঋণ মাফক লৈ যি বিতৰ্ক চলি আছে তেনেসময়তে কিন্তু একাংশ পুৰুষৰ সমান্তৰালকৈ মহিলাসকলেও দোকানৰ লগতে ছাগলী, মুৰ্গী, হাঁহৰ ফাৰ্মৰ জৰিয়তে স্বনিৰ্ভৰশীল হৈ পৰিয়াল পোহপাল দি স্বাৱলম্বিতাৰ পথ দেখুৱাবলৈ সক্ষম হৈছে।
তেনে এক উৎকৃষ্ট উদাহৰণ দেখা গ’ল চতিয়াৰ খাতুৱালগাঁৱত। সেই অঞ্চলৰ একাংশ পুৰুষৰ সমান্তৰালকৈ মহিলাসকলেও বন্ধন বেংকৰ পৰা ঋণ লৈ দোকানৰ লগতে বিভিন্ন ফাৰ্মৰ জৰিয়তে কৰ্ম সংস্থাপনৰ বাট মুকলাই লোৱা দেখা গৈছে ।
লগতে পঢ়কঃহস্ততাঁত সমিতিক সমবায় পঞ্জীয়কৰ আওঁতাভুক্ত কৰাৰ দাবী সমবায় বিষয়া সন্থাৰ
তেওঁলোকে কয় যে আমি যেনেকৈ ঋণ লৈ সঠিক কামত খটুৱাই নিজৰ কৰ্মসংস্থাপনৰ বাট মুকলাবলৈ সক্ষম হৈছো তেনেদৰে যেন সকলোৱে যাতে বন্ধন বেংকৰ পৰা ঋণ লৈ অলাগতিয়াল কামত খৰছ নকৰি নিজৰ উপাৰ্জনৰ দিশত খৰছ কৰে।
অন্য বেংকসমূহৰ পৰা ঋণ ল’বলৈ বহুত সমস্যা তেনেস্থলত একমাত্ৰ বন্ধন বেংকেহে সহজতে ঋণ প্ৰদান কৰি আহিছে । গতিকে এই ক্ষেত্ৰত সকলোৱে ঋণ সমূহ পৰিশোধ কৰি অধিক পৰিমাণৰ ঋণ লৈ বিভিন্ন দিশেৰে কৰ্মসংস্থাপনৰ বাট দেখুৱাই আন দহজনকো কৰ্মসংস্থাপনৰ এক আদৰ্শ দেখুৱাবলৈ সক্ষম হয়।