নিউজ ডেস্কঃ আজি সমগ্ৰ বিশ্বৰ লগতে অসমতো খ্ৰীষ্টানধৰ্মৰ লোকসকলে পালন কৰিছে পবিত্ৰ বৰদিন।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ধলাইবিলতো উলহ-মালহেৰে উদযাপন কৰা হয় বৰদিন ৷

কৰোণা মহামাৰীৰ পৰা পৰিত্ৰাণ বিচৰাৰ লগতে বিশ্ব শান্তিৰ উদ্দেশ্যৰে ভগৱান যীশুৰ ওৰত প্ৰাৰ্থনা লোৱা বুলি মন্তব্য কৰে বৰদিনৰ কাৰ্য্যসূচীত অংশ লোৱা তথা দক্ষিণ মূঢ়াদল গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি সুন্দৰ সিঙৰ লগতে বিষয়ববীয়া সকলে ৷

লগতে পঢ়কঃকামৰূপ মহানগৰ জিলাৰ শিক্ষা বিভাগৰ পৰ্যালোচনা সভা

পুৱাৰে পৰা ভালেকেইটা কাৰ্যসূচী ৰূপায়ন কৰা হ’ল বুলি জানিবলৈ দিয়ে যুৱ সমাজকৰ্মী সুন্দৰ সিঙে৷

ইফালে কলিয়াবৰৰো বিভিন্ন প্ৰান্তত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক সকলে উলহ মালহেৰে বৰদিন পালন কৰিছে। এই পৱিত্ৰ বৰদিনৰ দিনা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত উপস্থিত হৈ সকলো খ্ৰীষ্টান ধৰ্মাৱলী লোকসকলক বৰদিনৰ শুভেচ্ছা জনোৱাৰ লগতে আগন্তুক শতবৰ্ষ অনুষ্ঠানৰ মূল প্ৰৱেশদ্বাৰৰ ফিটা কাটি পথৰ শুভাৰম্ভ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply