গুৱাহাটী : বৰদিন উপলক্ষে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ শুভেচ্ছা। পবিত্ৰ বৰদিন উপলক্ষে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই খ্রীষ্টান ধৰ্মাৱলম্বী জনসাধাৰণৰ লগতে সমুহ অসমবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।
এক শুভেচ্ছা বার্তাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে প্রভু যীশুৰ মানৱতাৰ বাণীয়ে আমাক সকলোকে ঐক্যবদ্ধভাৱে জীৱনৰ বাটত আগুৱাই যােৱাৰ বাবে প্ৰেৰণা যােগাই আহিছে। শান্তিপূর্ণ সহাবস্থানৰ বাবে যীশুৱে যি দর্শন দি গৈছে সেয়া আজি আমাৰ সকলােৰে বাবে জীৱনৰ বাটত আগুৱাই যােৱাৰ এক শক্তিশালী পথ।
লগতে পঢ়ক : সোণাৰিত অটল বিহাৰী বাজপেয়ী ৯৭ সংখ্যক জন্ম দিন উদযাপন
পৱিত্ৰ বৰদিন উদ্যাপনে ৰাজ্যবাসীৰ মাজত বন্ধুত্বপূর্ণ আৰু ভাতৃত্ববােধৰ বান্ধোন অধিক সুদৃঢ় কৰাৰ উপৰি এক শক্তিশালী আধ্যাত্মিক চেতনা গঢ় দি সমাজখনলৈ শান্তি সম্প্রীতি আৰু প্রগতি কঢ়িয়াই আনিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। সামাজিক মূল্যবােধ গঢ়ি তােলাৰ দিশত যীশুৰ জীৱন আৰু কৰ্মদশনে মানৱ সমাজক যুগে যুগে প্ৰেৰণা যােগাই যাব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে বৰদিন উদ্যাপনে আমাৰ মাজত বন্ধুত্বপূর্ণ পৰিৱেশ অধিক সুদৃঢ় কৰি তুলিব বুলিও কয় মুখ্যমন্ত্ৰীয়ে।