প্ৰতিনিধিত্বমূলক ফটো

ধুবুৰী : এটা মন্দিৰৰ চৌহদত সন্দেহযুক্ত মাংস পেলাই থৈ যোৱাৰ অভিযোগত শনিবাৰে ধুবুৰী আৰক্ষীয়ে ৫ জন লোকক গ্ৰেপ্তাৰ কৰে। উক্ত ঘটনা সংঘটিত হৈছে ধুবুৰীৰ গোলকগঞ্জ থানাৰ অন্তৰ্গত ২নং যিনাকাটা গাঁৱত উক্ত ঘটনা সংঘটিত হৈছে।

প্ৰাপ্ত তথ্য মতে শুকুৰবাৰে যিনাকাটাৰ শ্মশান কালী মন্দিৰৰ চৌহদত স্থানীয় ৰাইজে মাংসৰ টুকুৰা পৰি থকা পাইছিল। ইয়াৰ পিছতে অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু গোলকগঞ্জ থানাৰ এটা আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয়।

ধুবুৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰোজীৰাণী শৰ্মাই জনোৱা মতে স্থানীয় লোকসকলে অনতি পলমে দোষীক গ্ৰেপ্তাৰ কৰাৰ দাবীত ৰাজপথলৈ উলাই আহে। অৱশ্যে আৰক্ষীয়ে দোষীক বিচাৰি উলিওৱা হ’ব বুলি আশ্বাস দিয়াত পৰিস্থিতি নিয়ন্ত্ৰনলৈ আহে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

লগতে পঢ়ক : নিৰস্ত্ৰ লোকক গুলীয়াই হত্যা অসম ৰাইফলছৰ; মণিপুৰত উত্তেজনা

পিছত মন্দীৰ পৰিচালনা সমিতিৰ এক এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে আৰু শনিবাৰে এই সংক্ৰান্তত ৫ জন লোকক গ্ৰেপ্তাৰ কৰে বুলি অতিৰিক্ত আৰক্ষী অধীক্ষক জনায়।    

তেওঁ লগতে জনায় যে আৰক্ষীয়ে উদ্ধাৰ কৰা মাংসৰ টুকুৰা কেইটা ফৰেন্সিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

উক্ত ঘটনাক লৈ যাতে অঞ্চলটোত কোনোধৰণৰ অপ্ৰিতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি আৰক্ষীয়ে সতৰ্ক দিষ্টি ৰাখিছে বুলিও আৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply