নিউজ ডেস্কঃ গুৱাহাটী মহানগৰীৰ চচলত সোমবাৰে সদ অসম চুতীয়া ছাত্ৰ সন্থাই ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। ৰাজ্যৰ অন্যতম ভূমিপুত্ৰ চুতীয়া সকলক ষষ্ঠ অনুসূচীৰ আধাৰত স্বায়ত্তশাসন আৰু জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ দাবীত এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে চুতীয়া ছাত্ৰ সন্থাই।

চুতীয়া জনগোষ্ঠীক শীঘ্ৰেই স্বায়ত্তশাসন প্ৰদান কৰক, চুতীয়া জনগোষ্ঠীক শীঘ্ৰেই জনজাতিৰ মৰ্যাদা প্ৰদান কৰক, জনজাতিকৰণ আমাৰ জনস্বত্ব অধিকাৰ, জনজাতিৰ মৰ্যাদা আমাক লাগিবই , সদৌ অসম চুতীয়া ছাত্ৰ সন্থা জিন্দাবাদ, অসম চৰকাৰ হায় হায়, অসম চৰকাৰ হুচিয়াৰ, কেন্দ্ৰীয় চৰকাৰ হুচিয়াৰ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মিছলীয়া, নৰেন্দ্ৰ মোডী গ’বেক, বিজেপি চৰকাৰ হায় হায় আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

উক্ত অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি সন্থাৰ মুখ্য উপদেষ্টা ক্ষীৰোদ শইকীয়াই চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে- বিজেপি নেতৃত্বাধীন চৰকাৰখনে চুতীয়া সকলৰ দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণৰ বিষয়টোক লৈ কেৱল ৰাজনীতিহে কৰি আহিছে। তেওঁ চৰকাৰক চুতীয়া সকলৰ আৱেগ অনুভূতিক সন্মান জনাই শীঘ্ৰেই জনজাতিৰ মৰ্যাদা আৰু স্বায়ত্তশাসন প্ৰদান কৰিবৰ বাবে দাবী জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply