লখিমপুৰ জিলা চুতীয়া জাতি সন্মিলনৰ নতুন কমিটিখনে আজি শপতগ্ৰহন কৰে ।
লখিমপুৰৰ জাপিসজীয়াৰ সতী সাধনী ভৱনত আয়োজিত এক অনুষ্ঠানত আজি চুতীয়া জাতি সন্মিলনৰ লখিমপুৰ জিলা সমিতি খনে শপত গ্রহণ কৰে।
বাবুল চুতীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত চুতীয়া জাতিৰ বহুকেইজন বিশিষ্ট ব্যক্তিয়ে জাতিটোৰ উন্নয়নৰ হকে গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াই।
এই সভাতে নতুন কমিটিয়ে পাঁচটা কৈ নতুন বঁটা প্ৰবত্তন কৰাৰ কথা ঘোষণা কৰে। চুতীয়া জাতি সন্মিলনৰ তৰফৰ পৰা চুতীয়া জাতিৰ পৰা কৃতী শিক্ষকক ধৰ্মনাৰায়ণ বটা, সমাজ সেৱা ৰ বাবে সত্য নাৰায়ণ বটা, বৌদ্ধিক ক্ষেত্র ৰ বাবে লক্ষ্মীনাৰায়ণ বটা, কৃষকৰ বাবে শিৱ নাৰায়ণ বটা আৰু শিপিনিৰ বাবে গৌৰি নাৰায়ণ বটা প্ৰদান কৰা হব বুলি ঘোষণা কৰে।
লগতে পঢ়ক-অসমত পুনৰ ৩২৪জন কোৰোনাত আক্ৰান্ত