নিউজ ডেস্কঃ ডিম্বেশ্বৰ মুছাহাৰীৰ পৰিয়ালৰ আবেদনৰ ভিত্তিত সোমবাৰে খান্দি উলিওৱা হয় মৃতদেহ। দণ্ডাধীশ উপস্থিতিত কবৰৰ চাৰিদিনৰ পিছত খান্দি উলিওৱা হয় ডিম্বেশ্বৰৰ মৃতদেহটো।
ডিম্বেশ্বৰৰ পৰিয়ালে মৃতদেহ প্ৰত্যক্ষ কৰে। তাৰ পিছতেই ককায়েকে দাবী কৰে যে, গাঁত খান্দি উলিওৱা মৃতদেহটো ডিম্বেশ্বৰ মোছাহাৰীৰ। মৃতদেহটো বৰ্তমান ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ মৰ্গত ৰখা হ’ব বুলি উপস্থিতি দণ্ডাধীশ জনে জানিবলৈ দিয়ে।
উক্ত ঘটনাটোৰ সন্দৰ্ভত চি আই ডিৰ জৰিয়তে সবিশেষ তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে ডিজিপিক নির্দেশনা প্ৰদান কৰে আৰু দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ ব্যৱস্থা কৰাৰ বাবেও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। লগতে, দুসপ্তাহৰ ভিতৰত চি আই ডিৰ প্ৰতিবেদন দাখিল কৰিবলৈও ডিজিপি ক নির্দেশ দিয়ে।
উল্লেখযোগ্য যে, শুকুৰবাৰে আৰক্ষীৰ এনকাউণ্টাৰত ডকাইত কেনাৰাম বসুমাতাৰী মৃত্যু হোৱা বুলি ঘোষণা পিছতেই কেনাৰামৰ পৰিয়ালে মৃতদেহ চমজি লৈ শেষকৃত্য সমাপন কৰিছিল। কিন্তু তাৰ পিছদিনাই ডিম্বেশ্বৰৰ পৰিয়ালে দাবী কৰে যে নিহত হোৱা লোকজন আচলে খেতিয়ক ডিম্বেশ্বৰ মোছাহাৰীৰ হে হয়।