গুৱাহাটী : দীর্ঘদিন ধৰি বন্ধ হৈ থকা ছবিগৃহৰ মালিক-কৰ্মচাৰী সকলৰ বাবে ভাল খবৰ আহিব পাৰে। ৰাজ্য চৰকাৰে ছবিগৃহ সমূহ পুনৰ মুকলি কৰাৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। অক্টোবৰ মাহত ছবিগৃহ সমূহ পুনৰ মুকলি কৰা সন্দৰ্ভত ৰাজ্য চৰকাৰে সিদ্ধান্ত ল’ব।

প্ৰায় এবছৰ ধৰি বন্ধ হৈ থকা ৰাজ্যৰ ছবিগৃহ সমূহৰ মালিক-কৰ্মচাৰী সকলৰ অৱস্থা পানীত হাঁহ নচৰা। ক’ভিড মহামাৰীৰ বাবে দীর্ঘদিন ধৰি বন্ধ হৈ থকা ছবিগৃহ সমূহৰ মালিক সকলৰ আৰ্থিত অৱস্থা অতিকৈ শোচনীয় হৈ পৰিছে।

ছবিগৃহ বন্ধ হৈ থকাৰ বাবে ছবিগৃহৰ মালিক সকলে কৰ্মচাৰী সকলৰ দৰমহা দিবলৈ অসক্ষম হৈ পৰাত কৰ্মচাৰী সকলেও দুবেলা দুমুঠিৰ বাবে দিন হাজিৰা কৰাৰ লগতে পদপথত পালচি, তামোল-পান, মাছৰ দোকান দিবলৈ বাধ্য হোৱা পৰিলক্ষিত হৈছে।

ছবিগৃহ সমূহ পুনৰ মুকলি কৰিবলৈ ছবিগৃহৰ মালিক-কৰ্মচাৰী সকলে দাবী জনায় আছে। দেওবাৰে এই দাবীকলৈ ৰাজ্যৰ ছবিগৃহৰ মালিক সকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল। ছবিগৃহৰ মালিক সকলৰ প্ৰতিবাদৰ পিছতে ৰাজ্য চৰকাৰে ছবিগৃহ পুনৰ মুকলি কৰাৰ ওপৰত চিন্তা চৰ্চা চলাইছে।

ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ছবিগৃহ পুনৰ মুকলি কৰাৰ লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে অক্টোবৰ মাহত ছবিগৃহ পুনৰ মুকলি কৰা সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব। ছেপ্টেম্বৰ মাহৰ ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে অক্টোবৰ মাহত ছবিগৃহ পুনৰ মুকলি কৰা সন্দৰ্ভত সিদ্ধান্তৰ ল’ব।

লগতে পঢ়ক  : গৰুখুটি কৃষি প্ৰকল্পৰ বেদখলকৃত ভূমিত প্ৰশাসনৰ উচ্ছেদ অভিযান

স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে ছবিগৃহ পুনৰ মুকলি হ’লেও সকলোৱে ক’ভিড সম্পৰ্কীয় নীতি-নিৰ্দেশনা মানি চলিব লাগিব। উল্লেখ্য যে ছবিগৃহ সমূহ পুনৰ মুকলি কৰি দিয়াকলৈ ৰাজ্য চৰকাৰে এক নতুন এছ ও পি জাৰি কৰিব বুলিও জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply