লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰ কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বলৰ ইউনিটৰ প্ৰতিষ্ঠা দিৱস উদযাপন । ১৯৬৯ চনৰ ১০ মাৰ্চতে স্থাপিত হৈছিল কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বল ।

৫৩টা বছৰে সুৰক্ষাৰ বাবে নিয়োজিত হৈ থকা কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বল চমুকৈ CISF বাহিনীয়ে ১০ মাৰ্চৰ লগত সংগতি ৰাখি আজিৰে পৰা উদযাপন কৰিছে প্ৰতিষ্ঠা সপ্তাহ ।

৬৫টা বিমানবন্দৰৰ দায়িত্বত CISFয়ে আজিলৈ সুৰক্ষাৰ ক্ষেত্ৰত কোনোধৰনৰ ক্ৰুটি এৰা নাই । বৰঝাৰ বিমানবন্দৰৰ দায়িত্বত থকা CISFয়ে আজি ৫৩ সংখ্যাক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি উদযাপন কৰা প্ৰতিষ্ঠা সপ্তাহৰ পতাকা উত্তোলন কৰে তাৰপিছতে বিভিন্ন পেৰেড কৰে ।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ বৰঝাৰ বিমানবন্দৰৰ আদানী গ্ৰুপৰ মুখ্য বিষয়া উৎপল বৰুৱা আৰু বৰঝাৰ বিমানবন্দৰৰ দায়িত্বত থকা CISFবাহিনীৰ কমাণ্ডেন্টে ।

লগতে পঢ়ক- মণিপুৰত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত হিংসা: দুজনৰ মৃত্যু

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,479 other subscribers

Leave a comment

Leave a Reply Cancel reply