নিউজ ডেস্কঃ গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্ত এতিয়া জলমগ্ন। ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা। যোৱাকালি নিশাৰে পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত সমগ্ৰ মহানগৰীয়ে এতিয়া ডুব গৈছে পানীৰ তলত।
কৃত্ৰিম বানে তীব্ৰ ৰূপ ধাৰণ কৰাৰ ফলত জিলা প্ৰশাসনে গ্ৰহণ কৰিছে কেইবাটাও সিদ্ধান্ত। বিভিন্ন অঞ্চলত ইতিমধ্যে কৰ্তন কৰা হৈছে বিদ্যুৎ সংযোগ। তদুপৰি কামৰূপ (মেট্ৰ’) জিলা উপায়ুক্তই মহানগৰবাসীক বিশেষ কোনো কাৰণ নাথাকিলে ঘৰৰ পৰা বাহিৰলৈ ওলাই নাযাবলৈ আহ্বান জনাইছে।
ইফালে, জিলা প্ৰশাসনে জনসাধাৰণক সুৰক্ষা প্ৰদান কৰিবলৈ মুকলি কৰিছে হেল্পলাইন নম্বৰ। এক জৰুৰী বাৰ্তাযোগে এই হেল্পলাইন নম্বৰ মুকলি কৰিছে প্ৰশাসনে।
এই জৰুৰী বাৰ্তাত প্ৰশাসনে লিখিছে- ”ধাৰাসাৰ বৰষুণ হৈ থকাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণক অনাকাংক্ষিত পৰিস্থিতিৰ পৰা ৰক্ষা পৰিবৰ বাবে কাকো অপ্ৰোয়জনত ঘৰৰ পৰা বাহিৰলৈ ওলাই নাহিবৰ বাবে আহ্বান কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ। ভূমিস্খলন/জলমগ্ন এলেকাৰ পৰা নিৰাপদ স্থানত অৱস্থান কৰিবৰ বাবে আহ্বান প্ৰশাসনৰ। যিকোনো জৰুৰী অৱস্থাৰ বাবে গুৱাহাটী ৰাজহ চক্ৰ বিষয়াক ৯৫০৮২-০৯৬৮৬/ফিল্ড অফিচাৰ গুৱাহাটীক ৯৭০৭৭-২৭৪২২২ অথবা দিছপুৰ ৰাজহ চক্ৰ বিষয়াক ৮৩৭৬০/২৯৯৮৪ অথবা প্ৰশাসনৰ টল ফ্ৰী নম্বৰ ১০৭৭/৯৩৬৫৪-২৯৩১৪ নম্বৰত যোগাযোগ কৰক। প্ৰশাসনে সকলো সময়তে সহায় কৰিবলৈ প্ৰস্তুত।”