ছয়গাঁও- চি আই টি ইউৰ ৰাজ্যিক সমিতিৰ আহ্বানমৰ্মে দক্ষিণ কামৰূপ জিলা চি আই টি ইউৰ উদ্যোগত মূল্যবৃদ্ধি ৰোধ আৰু বিজেপি চৰকাৰৰ মিথ্যাচাৰৰ প্ৰতিবাদত এক বিক্ষোভ সমদল উলিয়াই । ছয়গাঁও সনাৰিপাৰা চি আই টি ইউৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ কাৰ্যালয়ৰ পৰা হাতত বেনাৰ, প্লেকাৰ্ড লৈ সমদল কৰি আহি ছয়গাঁও বজাৰত ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত এখন পথ সভা অনুষ্ঠিত হয় ।
এই সভাত ভাষণ দি চি আই টি ইউ দক্ষিণ কামৰূপ জিলা সমিতিৰ সম্পাদক হিতেশ দাসে কয় যে পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছসহ নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবীত আৰু বিজেপি চৰকাৰৰ মিথ্যাচাৰৰ প্ৰতিবাদত এই বিক্ষোভ-সমদল পালন কৰে ।