চিৰাঙ : চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে শ্ৰমিক সংগঠনৰ উত্তাল প্ৰতিবাদ। চিৰাঙ জিলাৰ ঢালিগাঁওস্থিত ভাৰতীয় তেল নিগমৰ বঙাইগাঁও শোধনাগাৰৰ সন্মুখত উত্তাল প্ৰতিবাদ।
চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে শ্ৰমিক সংগঠনৰ সমন্বয়ৰক্ষী সমিতিয়ে সাব্যস্ত কৰে প্ৰতিবাদ।

শ্ৰমিক সকলৰ বিভিন্ন দাবীলৈ শ্ৰমিক সংগঠনৰ সমন্বয়ৰক্ষী সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে। মূলতঃ শ্ৰমিক সকলৰ ইএচআই, শ্ৰম বীমা, দৈনিক হাজিৰা বৃদ্ধি, মূল্যবৃদ্ধি ৰোধ কৰা, ৰাজহুৱা খণ্ডৰ উদ্যোগক ব্যক্তিগতকৰণ বন্ধ কৰা আদিকে কেন্দ্ৰ কৰি ৩৯ দফীয়া দাবীলৈ শ্ৰমিক সংগঠন চিটুৰ সহযোগত বঙাইগাঁও শোধনাগাৰৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত পাঁচ ঘন্টিয়া অবস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

লগতে পঢ়ক : আলফা (স্বাধীন) ত যোগদান কৰিবলৈ যোৱা তিনি যুৱকক আটক

প্ৰতিবাদকাৰী সকলে পেট্ৰ’লিয়াম সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰক, ৰাজহুৱা খণ্ডৰ শিল্প ব্যক্তিগতকৰণ কৰা নচলিব, বিজেপি চৰকাৰ হায় হায়, শ্ৰমিক সকলৰ দাবী পূৰণ কৰক, শোধনাগাৰত প্ৰৱেশ পত্ৰৰ নামত শ্ৰমিকক পুলিচৰ হাৰাশাস্থি বন্ধ কৰক আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। চৰকাৰে শ্ৰমিক সকলে দাবী পূৰণ নকৰিলে অনাগত দিনত প্ৰতিবাদ অধিক তীব্রতৰ কৰি তোলা হ’ব বুলিও জানিবলৈ দিয়ে প্ৰতিবাদকাৰী সকলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply