ছায়গাঁও : চি আই টি ইউৰ অন্তৰ্ভুক্ত সদৌ সম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ আহ্বানত দক্ষিণ কামৰূপ জিলা সমিতিয়ে পশ্চিম ছয়গাঁৱৰ তামোল বজাৰৰ পৰা এক প্ৰতিবাদী সমদল উলিয়াই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। হাতে হাতে বেনাৰ, প্লেকাৰ্ড আদি লৈ প্ৰতিবাদকাৰী সকলে ৰাষ্ট্ৰীয় ঘাইপথেৰে সমদল কৰি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।
প্ৰৰিবাদকাৰী সকলে “নিৰ্মাণ শ্ৰমিকৰ কল্যাণ আইন ৰক্ষা কৰক”, “নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ ধন নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ হ’কে খৰচ কৰক”, “ভুৱা নিৰ্মাণ শ্ৰমিক পঞ্জীয়ন বন্ধ কৰক”, “নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ ধন সময়মতে আদায় দিয়ক” আদি শ্ল’গান দি ছয়গাঁৱৰ শ্ৰম পৰিদৰ্শকৰ কাৰ্যালয়ত উপস্থিত হয়। প্ৰতিবাদকাৰী সংগঠনটোৱে শ্ৰম পৰিদৰ্শক ভাস্বতী কলিতাৰ জৰিয়তে অসমৰ শ্ৰম আয়ুক্ত তথা সদস্য সচিবলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষত লিখিত অভিযোগ মানকাচৰ গাঁও বুঢ়া সন্থাৰ
স্মাৰক পত্ৰৰ জৰিয়তে নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদৰ পৰা পঞ্জীয়নভূক্ত নিৰ্মাণ শ্ৰমিক সকলে পাব লগা সুবিধা সমূহ সময়মতে আদায় দিয়া আৰু ভুৱা নিৰ্মাণ শ্ৰমিকৰ পঞ্জীয়ন বন্ধ কৰাৰ লগতে নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ ধন নিৰ্মাণ শ্ৰমিকৰ হিতৰ বাবে খৰচ কৰাৰ দাবী জনায়। নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ দক্ষিণ কামৰূপ জিলাৰ সভাপতি মজিদুৰ ৰহমান আৰু সম্পাদক অনিল দাসে স্বাক্ষৰ কৰা স্মাৰক পত্ৰৰ জৰিয়তে যোৱা ১ অক্টোবৰত গুৱাহাটীৰ ৰুক্মীনীগাঁৱৰ ঘটনাত আহত শ্ৰমিক সকলক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ লগতে ঘটনা সংঘটিত কৰা ৰাজকন্যা বৰুৱা আৰু শ্ৰমিকৰ সুৰক্ষাৰ ব্যৱস্থা নকৰা সংশ্লিষ্ট ঠিকাদাৰ জনকো উচিত শাস্তি দিয়াৰ বাবে স্মাৰক পত্ৰখনৰ জৰিয়তে দাবী জনায়।