গুৱাহাটীঃ কৰোনাৰ দ্বিতীয় ঢৌৱে বিধ্বংসী পৰিস্থিতিৰ সৃষ্টি কৰিছে। ৰাজ্যৰ ভিতৰতে গুৱাহাটী মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰোনাত আক্রান্ত লোকৰ সংখ্যা।
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে দিয়া তথ্য অনুসৰি দেওবাৰ পৰ্য্যন্ত অসমত আক্ৰান্ত লোকৰ সংখ্যা কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ১,৩৪৬ গৰাকী, ডিব্ৰুগড়ত ২২৮ গৰাকী, তিনিচুকীয়াত ১৪৮ গৰাকী আৰু কামৰূপ গ্ৰাম্যত ১৩৭ গৰাকী।
জিলা স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি ৩ মে’ত গুৱাহাটী মহানগৰীত ক’ভিডত আক্রান্ত হোৱা লোকৰ সংখ্যা ১,২৯৮গৰাকী ৷ ইয়াৰে ১৬৬গৰাকীক হস্পিতালত ভর্তি কৰোৱা হৈছিল ৷ উক্ত দিনা ক’ভিডত আক্রান্ত দুগৰাকী লোকৰ মৃত্যু হৈছিল৷ ৪ মে’ত ১,৫৩৩গৰাকী লোক ক’ৰোনাত আক্রান্ত হোৱাৰ বিপৰীতে ১১গৰাকী লোকৰ মৃত্যু হৈছিল৷ ৫ মে’ত ১,৬৬৪গৰাকী লোক আক্রান্ত হোৱাৰ বিপৰীতে ৭গৰাকীৰ মৃত্যু হৈছিল৷ ৬ মে’ত ১,৫৭২গৰাকী আক্রান্ত হোৱাৰ বিপৰীতে ২৫গৰাকীৰ মৃত্যু হয়৷ ৭ মে’ত ১,৫৬১গৰাকী আক্রান্ত হোৱাৰ বিপৰীতে এগৰাকীৰ মৃত্যু হয়৷ ৮ মে’ত ১,৪৫১গৰাকী ক’ভিডত আক্রান্ত হোৱাৰ বিপৰীতে ২১গৰাকী লোকৰ মৃত্যু হয় ৷
আৰু পঢ়কঃদেওবাৰে ৰাজ্যত ৪৮ গৰাকী ব্যক্তি কভিডত মৃত্যু; আক্ৰান্তৰ হাৰ ৯.১৩ শতাংশ
কভিড–১৯ৰ ভয়াৱহ সংক্রমণ ৰোধৰ বাবে ৰাজ্য চৰকাৰৰ নির্দেশমর্মে কামৰূপ মহানগৰ জিলা প্রশাসনে ক’ভিডত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱা ৮টাকৈ ৱার্ড চিনাক্ত কৰি উলিয়াইছে৷ ইয়াৰে ৩টা ৱার্ডত ক’ৰোনাত আক্রান্তৰ সংখ্যা ৪ শতাধিক অতিক্রম কৰাত ১৪ দিনৰ বাবে কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে৷
দেওবাৰৰ তথ্য অনুসৰি অসমত ১,৬৭৬ গৰাকী লোকে ক’ভিডত আক্ৰান্ত হৈ মৃত্যুক সাবটি লৈছে।
ইয়াৰে ৪৮ গৰাকী ব্যক্তিৰ ১৭ গৰাকী কামৰূপ মহানগৰৰ, বাকী ৪ গৰাকী কামৰূপ গ্ৰাম্যৰ, ৩ গৰাকীকৈ ডিব্ৰুগড়, কাৰ্বি আংলং, শোণিতপুৰ আৰু তিনিচুকীয়াৰ, ২ গৰাকীকৈ বঙাইগাঁও, কাচাৰ, যোৰহাট আৰু লখিমপুৰৰ আৰু ১ গৰাকীকৈ বৰপেটা,ধেমাজি, গোৱালপাৰা, নলবাৰী আৰু হোজাই জিলাৰ।
কভিডত আক্ৰান্তৰ লগতে মৃত্যুৰ সংখ্যা গুৱাহাটী মহানগৰীত বৃদ্ধি পাইছে ।