প্ৰতিষ্ঠিত ব্যৱসায়ী সঞ্জীৱ গাৰোডিয়াৰ পৰা ধন লুট কৰি নিয়াৰ ২৪ ঘন্টাৰ ভিতৰতে আৰক্ষীয়ে ধৰা পেলাবলৈ সক্ষম হৈছে।
কালি নিশা গাৰোডিয়াই বৰবাৰীৰ পৰা নিজা ব্যবসায়িক ধন ৩০ লাখ লৈ নাৰেংগী দিশত গৈ আছিল। নাৰেংগী তিনিআলিত ঔষধ নিবলৈ নামোতেই ড্ৰাইভাৰে ধন আৰু গাড়ী লৈ উধাও হয়।
এই সম্পৰ্কে আৰক্ষীক জনোৱাত গীতানগৰ আৰক্ষীয়ে ম’বাইল সংকেটৰ সহায়ত সুনীল কুমাৰ ৰায় আৰু ৰাজকুমাৰ ৰায় নামৰ দুজনক গ্ৰেপ্তাৰ কৰে।
দুয়োজনৰ পৰা ২৮.৫০ লাখ টকা উদ্ধাৰ কৰিছে। লগতে AS25-CC-0828 নম্বৰৰ মাৰুতি এল্ট গাড়ীও জব্দ কৰে।
লগতে পঢ়ক- গোলাঘাটৰ আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে কাজিৰঙাত প্ৰতিবাদ সংবাদকৰ্মীৰ