লামডিং: ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে লামডিং পৌৰসভাৰো নিৰ্বাচনো শান্তিপূৰ্ণ ভাবে সামৰণি পৰে।

লামডিং পৌৰ সভাৰ মুঠ ১৩খন ৱাৰ্ডৰ ভিতৰতে ৭খন ৱাৰ্ডত ইতিমধ্যে বিনা প্ৰতিদ্বন্দিতাৰে বি জে পি প্ৰাৰ্থীয়ে নিবাৰ্চিত হৈছে।
লামডিং পৌৰ সভাৰ ১৩ টা ৱাৰ্ডৰ ভিতৰত ৬ টা ৱাৰ্ডত মুঠ ১৩টা ভোট কেন্দ্ৰত ভোটাৰ সকলে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে।

এইবাৰ লামডিং পৌৰ সভা নিৰ্বাচনত অসম গণ পৰিষদৰ ২ গৰাকীয়ে প্ৰতিদ্বন্দিতাত নামিছে। কংগ্ৰেছ দলৰ বহু প্ৰাৰ্থী বিজেপিত যোগদান কৰাৰ ফলত এইবাৰ লামডিং পৌৰসভা বিজেপিৰ দখলত থকাটো নিশ্চিত বুলি দাবী বিধায়কৰ ।

মুঠ ৬৫শতাংশ ভোটদান হৈছে লামডিং ৰ ৬টা ৱাৰ্ডত। শান্তি শৃংখলা ভাৱে ভোট গ্ৰহন সম্পন্ন হয় লামডিং ৰ ৬টা ৱাৰ্ডৰ ১৮জন প্ৰাৰ্থীৰ ভাগ্য আবদ্ধ হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply