আমিনগাঁও : কামৰূপত পৌৰসভাৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আজি শান্তিপূৰ্ণভাৱে সম্পন্ন হয়। শেহতীয়া তথ্য অনুসৰি এই নিৰ্বাচনত উত্তৰ গুৱাহাটী আৰু পলাশবাৰী পৌৰসভাৰ মুঠ ভোটদানৰ হাৰ আছিল ক্ৰমে ৫৯.০৭ আৰু ৮২.১০ শতাংশ। নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাত সহযোগিতা আগবঢ়োৱাৰ বাবে কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এনে সংশ্লিষ্ট সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে।
তেওঁ কয় যে ভোট গ্ৰহণ প্ৰক্ৰিয়াত জড়িত প্ৰতিগৰাকী পুলিং বিষয়া-কৰ্মচাৰীৰ দায়বদ্ধতা আৰু ভোটাৰ তথা অন্যান্য অংশীদাৰসকলৰ সঁহাৰিৰ বাবে এই নিৰ্বাচনী প্ৰক্ৰিয়া মুক্ত, নিকা আৰু নিৰাপদভাৱে সম্পন্ন কৰাত সফলতা লাভ কৰা হৈছে।
উল্লেখযোগ্য যে পৌৰসভা নিৰ্বাচনত এইবেলি প্ৰথমবাৰৰ বাবে ইলেক্ট্ৰিনক ভোটিং মেচিন (ইভিএম) ব্যৱহাৰ কৰা হৈছে। পুলিং বিষয়াসকলে ইতিমধ্যে সুকলমে ভোট গ্ৰহণ সম্পন্ন কৰি ষ্ট্ৰং ৰূম অভিমুখী হৈছে।
আনহাতে ভোট গণনাৰ দিনালৈকে ষ্ট্ৰং ৰূমৰ সুৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি এই ক্ষেত্ৰত সংশ্লিষ্ট সকলো পক্ষকে নিচিন্ত থাকিবলৈও উপায়ুক্ত কাৰ্তিকে আহ্বান জনায়। অহা ৯ মাৰ্চৰ পুৱা ৮ বজাৰ পৰা ভোট গণনা আৰম্ভ হ’ব।