মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা: পৌৰসভা নিৰ্বাচনৰ আজি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ পুৱাৰ পৰাই মাৰ্ঘেৰিটাৰ ৩০টা ভোটগ্ৰহণ কেন্দ্ৰত দেখা গ’ল যথেষ্ট সংখ্যক ভোটাৰ ৰাইজ।
মাৰ্ঘেৰিটাত মুঠ ২৩, ৯৯০ গৰাকী ভোটাৰৰ ভিতৰত পুৰুষ ভোটাৰ ১২১৩৪ গৰাকীৰ আৰু মহিলা ভোটাৰ হৈছে ১১৮৫৬ গৰাকী ।এই ভোটাৰে ২১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী কৰিলে ইভিএমত।
এইবাৰ বিজেপি ৯, অগপ ১, কংগ্ৰেছ ৬, অ জা প’ৰ ৪, নিৰ্দলীয় এজন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে।
আজি সৰ্বমুঠ ৬৩.৮৭ শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে। মাৰ্ঘেৰিটা বিধায়ক ভাস্কৰ শৰ্মাই ১নং আলুবাৰী প্ৰাথমিক বিদ্যালয়ত ভোটাধিকাৰ সাব্যস্ত কৰি সংবাদমাধ্যমৰ আগত কয়, বিজেপি মিত্ৰজোটেই মাৰ্ঘেৰিটা পৌৰসভাত সৰ্বাধিক সংখ্যাক ভোট লাভ কৰি পৌৰসভা পুনৰ দখল কৰিবলৈ সক্ষম হ’ব।
ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে মাৰ্ঘেৰিটা টাউন হাইস্কুলৰ খেলপথাৰত সাংবাদিক কয় যে ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত আটাইকেইখন পৌৰসভা এইবাৰ বিজেপি মিত্ৰজোটেই দখল কৰিবলৈ সক্ষম হ’ব।
বৰ্তমান বিৰোধী ইমানেই দুৰ্বল যে পৌৰসভা নিৰ্বাচনত এইবাৰ প্ৰচাৰ সময়ত সমৰ্থক অভাৱত বহু অঞ্চলত বিৰোধীয়ে প্ৰচাৰ চলোৱা পৰিলক্ষিত নহ’ল বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ।