বোকাখাত, উত্তম কুমাৰ শৰ্মা: বিৰোধীক ধৰাশায়ী কৰি বোকাখাত পৌৰসভা নিৰ্বাচনত অগপ-বিজেপিৰ বৃহৎ জয়।
মুঠ দহটা ৱাৰ্ডৰ ৯খন আসনেই মিত্ৰজোঁটৰ দখলত।
কেৱল ৮নং ৱাৰ্ডটো দখল কৰিবলৈ সক্ষম হয় নিৰ্দলীয় প্ৰাৰ্থী ৰূপালী শইকীয়াই।
আনহাতে জয়লাভ কৰা মিত্ৰজোঁটৰ প্ৰাৰ্থী সকল হৈছে-
ৱাৰ্ড নং১-প্ৰাঞ্জল বৰুৱা (অগপ),
ৱাৰ্ড নং২ -মীনা হাজৰিকা (বিজেপি)
ৱাৰ্ড নং৩-ৰাজীৱ দাস (অগপ),
ৱাৰ্ড নং৪-ইন্দিৰা বৰা(বিজেপি),
ৱাৰ্ড নং৫-স্বৰ্নালী বৰা(অগপ),
ৱাৰ্ড নং৬-উষা ছেত্রী (অগপ),
ৱাৰ্ড নং৭-সঞ্জীব কুমাৰ শৰ্মা (অগপ), ৱাৰ্ড নং৮-ৰূপালী শইকীয়া (নিৰ্দলীয়), ৱাৰ্ড নং৯-ৰত্নেশ্বৰ বৰুৱা (অগপ) আৰু ৱাৰ্ড নং১০-ৰাণা দেবনাথ (বিজেপি)।

উল্লেখযোগ্য যে পূৱা ৮বজাৰ পৰা বোকাখাতৰ মহকুমাধিপতি কাৰ্যালয়ত আৰম্ভ হোৱা ভোট গণনা দুঘন্টাৰ ভিতৰতে সমাপ্ত হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply