ৰাজ্যৰ পৌৰসভা সমূহৰ ভোটগ্ৰহন আজি অনুষ্ঠিত হৈছে। পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ চলিব ভোটগ্ৰহণ প্ৰক্ৰিয়া। মুঠ ২,০৫৪টা কেন্দ্ৰত হ’ব ভোটগ্ৰহণ।৯৭৬টা ৱাৰ্ডত প্ৰতিদ্বন্দিতা আগবঢ়াইছে মুঠ ২৫৩২ গৰাকী প্ৰাৰ্থীয়ে। প্ৰথমবাৰলৈ EVMত অনুষ্ঠিত হৈছে পৌৰ নিৰ্বাচন।
পাটাছাৰকুছিৰ ৭ নং ৱাৰ্ডৰ এগৰাকী প্ৰাৰ্থীৰ মৃত্যু হোৱাৰ বাবে তাত সাময়িক ভাবে নিৰ্বাচন বাতিল কৰা হৈছে। ৭৭ টা পৌৰসভাৰ বাবে ভোটগ্ৰহণ। ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ। তিনিটাত বিনাপতিদ্বন্দিতাৰে জয়ী হৈছে।
প্ৰাৰ্থী সকলৰ ভিতৰত বিজেপিৰ ৮২৫, কংগ্ৰেছৰ ৭০৬, অগপৰ ২৪৩, অজাপৰ ১১১, নিৰ্দলীয় ৫৮৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতাত অবতীৰ্ণ হৈছে। ৬০টা ৱাৰ্ডত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে বিজেপি প্ৰাৰ্থী।
১৬ লাখ ৭৩ হাজাৰ ৮৯৯ গৰাকী ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ। মুঠ পুৰুষ ভোটাৰ হৈছে ৮ লাখ ৩২ হাজাৰ ৩৪৮ জন। মহিলা ভোটাৰৰ সংখ্যা হৈছে ৮ লাখ ৪১ হাজাৰ ৫৩৪ গৰাকী।
শিৱসাগৰ পৌৰসভাৰ যুঁজখন আকৰ্ষণীয় হৈছে। বিধায়ক অখিল গগৈ সমৰ্থিত প্ৰাৰ্থী আৰু বিজেপি প্ৰাৰ্থী সকলৰ মাজত হোৱা যুঁজখনৰ শেষ জয়ৰ হাঁহি কোনে মাৰিব তাক লৈ পুৱাৰে পৰা ভোটদানত যথেষ্ট লোকে শাৰী পাতিছে।
আনহাতে চাবুৱা পৌৰসভা নিৰ্বাচনত সমুখ সমৰত নামিছে অগপ বিজেপি। বিধায়ক পোনাকন বৰুৱা আৰু প্ৰাক্তন বিধায়ক বিনোদ হাজৰিকাৰ অস্তিত্ব প্ৰমানৰ যুঁজ হৈছে চাবুৱাত। বহু কেইটা নিৰ্বাচনী হিংসা হৈছে এইবাৰ।