নিউজ ডেস্ক: পুৱা ৮ বজাৰ পৰা সমগ্ৰ অসমৰ লগতে বোকাখাতো আৰম্ভ হৈছে পৌৰসভাৰ ভোটদ‍ান প্ৰক্ৰিয়া।

বোকাখাতৰ ১০টা ৱাৰ্ডৰ ১৫,৩০০ ভোটাৰে আজিৰ ভোটদান প্ৰক্ৰিয়াত অংশ ল’ব পাৰিব।
বোকাখাতৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাই বোকাখাতৰ ৯ নং ৱাৰ্ডৰ খ্ৰীষ্ট্ৰজ্যোতি বিদ্যালয় ভোটকেন্দ্ৰত ভোটদান কৰে।
উল্লেখযোগ্য যে, মন্ত্ৰীগৰাকীয়ে ভোটদান কৰা ভোটকেন্দ্ৰটোত আছে মুঠ ১৫১০জন ভোটাৰ।

সমগ্ৰ অসমৰ লগতে বোকাখাতৰ পৌৰসভাৰ ১০ টা ৱাৰ্ডটেই মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিব বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে।

লগতে পঢ়ক- শিৱসাগৰত ভোজভাত আয়োজন কৰিও খাব নোৱাৰিলে

ধেমাজি পৌৰ সভা নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়াও পুৱাৰে পৰা আৰম্ভ হৈছে ।
ধেমাজিত লখিমপুৰ লোকসভাৰ সাংসদ প্ৰদান বৰুৱাই পত্মীৰ সৈতে আহি ভোটদান সাব্যস্ত কৰে ।

ধেমাজীত ১০টা ৱাৰ্ডৰ ৯ টাৰ বাবে আজি ভোটদান অনুষ্ঠিত হৈছে। এটা ৱাৰ্ডত বিনাপ্ৰতিদ্বন্দিতাৰে জয়ী হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply