চৰাইদেউ জিলাৰ সোণাৰি পৌৰসভাৰ মুঠ ভোটদানৰ হাৰ আছিল ৬৩.৫২ শতাংশ আৰু মৰাণ পৌৰসভাৰ ভোটদানৰ হাৰ আছিল ৭০.৪২ শতাংশ। সোণাৰি পৌৰসভাৰ অধীনত ভোটদান কৰা মুঠ ১২,৯১৩ গৰাকী ভোটাৰৰ ভিতৰত ৬,৫২৯ গৰাকী পুৰুষ আৰু ৬,৩৮৪ গৰাকী মহিলা। আনহাতে, মৰাণ পৌৰসভাৰ অধীনত ভোটদান কৰা মুঠ ৩,৮২৩ গৰাকী ভোটাৰৰ ১,৯৫৪ গৰাকী পুৰুষ আৰু ১,৮৬৯ গৰাকী মহিলা।

সোণাৰি পৌৰসভাৰ ১৬ টা ৱাৰ্ডৰ ২২ টা ভোটগ্ৰহণ কেন্দ্ৰত আৰু মৰাণ পৌৰসভাৰ ১১ টা ৱাৰ্ডৰ ১১ টা ভোটগ্ৰহণ কেন্দ্ৰত সুকলমে তথা শান্তিপূৰ্ণভাৱে সম্পন্ন হয়।

উপায়ুক্ত পল বৰুৱাই পৌৰসভা নিৰ্বাচনত ব্যৱহৃত ইলেকট্ৰনিক ভোটিং মেচিন (ই ভি এম) সমূহ উপায়ুক্ত কাৰ্যালয়ত স্থিত ষ্ট্ৰং ৰুমত ছীল কৰি ৰখাৰ লগতে ষ্ট্ৰং ৰুমৰ সুৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও অৱগত কৰে। অহা ৯ মাৰ্চ তাৰিখে পুৱা ৮:০০ বজাৰ পৰা ভোটগণনা প্ৰক্ৰিয়া আৰম্ভ হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply