মঙলদৈ: ৰাজ্যৰ মুঠ ৮০খন পৌৰ এলেকা সমূহৰ লগতে দৰং জিলাৰো তিনিটা পৌৰ এলেকাৰ বাবে কাইলৈ হ’ব লগীয়া পৌৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে দৰং জিলা প্ৰশাসনে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ।
ইয়াৰে অংশ স্বৰূপে আজি মঙলদৈ নগৰস্থিত ঐতিহ্যমণ্ডিত মঙলদৈ মহাবিদ্যালয় চৌহদৰ পৰা যাবতীয় সা-সামগ্ৰী তথা ই.ভি.এম সহ নিৰ্বাচনী প্ৰক্ৰিয়াৰে জড়িত বিষয়া-কৰ্মচাৰীসকল নিজ-নিজ গন্তব্যস্থললৈ যাত্ৰা কৰে ।
উল্লেখযোগ্য যে দৰং জিলাত সৰ্বমুঠ ৩ টা পৌৰ এলেকা আছে । ইয়াৰে দুটা পৌৰ এলেকা – মঙলদৈ আৰু খাৰুপেটীয়াই বহু বছৰৰ আগেয়ে পৌৰ এলেকাৰ স্বীকৃতি পোৱাৰ লগতে কেইবাটাও নিৰ্বাচন প্ৰত্যক্ষ কৰিছে যদিও ইয়াৰ বিপৰীতে নতুনকৈ পৌৰ এলেকাৰ মৰ্যাদা পোৱা ছিপাঝাৰ পৌৰ সভাৰ বাবে প্ৰথম বাৰলৈ নিৰ্বাচন হ’ব ।
মঙলদৈ পৌৰ এলেকাত ভোটদানৰ বাবে ২৪ টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰাৰ বিপৰীতে খাৰুপেটিয়া আৰু ছিপাঝাৰ পৌৰ এলেকাত ভোটদানৰ বাবে ক্ৰমে ২১ আৰু ১৩ টা কৈ ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে ।
এইবাৰৰ মঙলদৈ পৌৰ সভাৰ ১০ টা ৱাৰ্ডৰ বাবে সৰ্বমুঠ ২৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিব । ইয়াৰে সমান্তৰালকৈ খাৰুপেটিয়াৰ ১১ টা ৱাৰ্ডৰ বাবে ৩০ গৰাকীয়ে প্ৰতিদ্বন্দিতা কৰিব । আনহাতে ছিপাঝাৰ পৌৰ সভাৰ ১০ টা ৱাৰ্ডৰ বাবে সৰ্বমুঠ ২০ গৰাকীয়ে প্ৰাৰ্থীয়ে চুড়ান্ত প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব ।ইয়াৰে ৯ নং ৱাৰ্ডত অভিনৱ হাজৰিকাই বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে।