আজি ঘোষণা হোৱা পৌৰসভা নিৰ্বাচনৰ ফলাফলত নলবাৰী চহৰত ভাৰতীয় জনতা পাৰ্টি আৰু অগপ মিত্ৰজোঁটে ১৭ খন আসনৰ আটাইকেইখনতে জয় লাভ কৰি নিৰঙ্কুশ সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিবলৈ সক্ষম হয়।
তেজপুৰৰ পৌৰ নিৰ্বাচনৰ ফলাফল অনুসৰি শোণিতপুৰত ৪খন পৌৰসভা বিজেপিৰ দখললৈ যায়।
জামুগুৰি পৌৰসভাৰ ১০ খন বিজেপিৰ দখললৈ যোৱাৰ বিপৰীতে ৰঙাপৰাৰ ১০ আসনৰ ভিতৰত ৯ খন বিজেপিৰ দখলত৷ একেদৰে ঢেকীয়াজুলি পৌৰসভাৰ ১০ আসনৰ ভিতৰত ৮ আসন বিজেপি আৰু তেজপুৰ পৌৰসভাৰ ১৯ আসনৰ ভিতৰত ১৬ খন আসনেই বিজেপিৰ দখলত৷
নাজিৰা পৌৰসভা বিজেপিৰ দখলত। ১০টা ৱাৰ্ডতে জয়ী হৈছে বিজেপিৰ প্ৰাৰ্থী।
শিমলুগুৰি পৌৰসভাও বিজেপিৰ দখলত। শিমলুগুৰিৰ ১০ ৱাৰ্ডৰ ৯টাত জয়ী বিজেপি প্ৰাৰ্থী।
এটা ৱাৰ্ডতহে জয়ী হৈছে কংগ্ৰেছ।

দেৰগাঁও পৌৰসভা বিজেপিৰ দখললৈ । ১ নং ৱাৰ্ডত স্নেহলতা দাস বিজেপি
২ নং ৱাৰ্ডত উজ্জ্বল কাশ্যপ বিজেপি
৩ নং ৱাৰ্ডত মিতালী ফুকন বৰুৱা বিজেপি
৪ নং ৱাৰ্ডত শুভাংকৰ ঘোষ বিজেপি
৫ নং ৱাৰ্ডত মধুমিতা বৰা বিজেপি
৬ নং ৱাৰ্ডত নিশা লিম্বু বিজেপি
৭ নং ৱাৰ্ডত দীপা সোমানী নিৰ্দলীয়
৮ নং ৱাৰ্ডত দেবাঞ্জন হাজৰিকা অগপ
৯ নং ৱাৰ্ডত ৰূপাঞ্জলী বৰা বিজেপি
১০ নং ৱাৰ্ডত শীতল সোমানী কংগ্ৰেছ