লখিমপুৰ: সমগ্ৰ ৰাজ্যৰ লগতে লখিমপুৰতো পূৱা ৮ বজাৰ পৰা অনুষ্ঠিত হোৱা ভোট গ্ৰহণ শান্তিপূৰ্ণ ভাবে সামৰণী পৰে।
জিলা খনৰ সদৰৰ লখিমপুৰ পৌৰ সভাৰ লগতে নাৰায়ণপুৰ , বিহপুৰীয়া, আৰু ঢকুৱাখনা পৌৰসভাত এই নিৰ্বাচন অনুষ্ঠিত হয়।
লখিমপুৰ পৌৰ সভাৰ ২১টা ৱাৰ্ড ত ৫৭ গৰাকী প্ৰাৰ্থীৰ ভিতৰত এগৰাকী প্ৰাৰ্থী বিনাপ্রতিদ্বন্দ্বিতাৰে জয়ী হোৱাৰ লগতে ৫৬ জন প্রার্থীৰ ভাগ্য নিৰ্ণয় কৰে ৪৫হেজাৰ ৭ শ ৬৬ জন ভোটাৰে।
ইফালে বিহপুৰীয়া পৌৰসভাৰ ১০ টা ৱাৰ্ডৰ বিপৰীতে ২৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰে ৯ হেজাৰ ১৪৭ জন ভোটাৰে।
নাৰায়ণপুৰ পৌৰসভাৰ ১০ টা ৱাৰ্ডৰ ২৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰে ৪ হেজাৰ ২৭২ জন ভোটাৰে।
ইয়াৰোপৰি জিলাখনৰ আনটো মহকুমা ঢকুৱাখনা ১০ টা ৱাৰ্ডৰ ২২ জন প্রার্থীৰ ভাগ্য নিৰ্ণয় কৰে ১০ হেজাৰ ১০৭ জন ভোটাৰে।
উল্লেখ্য জিলা খনৰ আটাইকেইখন নগৰ সমিতি আৰু পৌৰ সভাৰ ৮৮ টা ভোট কেন্দ্রত ৬৯ হেজাৰ ২৯২ জন ভোটাৰে আছিল।
জিলাখনৰ চাৰিখন পৌৰসভাৰ মুঠ ১২৮ গৰাকীৰ প্ৰাৰ্থীৰ ভাগ্য বন্দী হ’ল ইভিএমত।