মৰিয়নী: পৰাজয়ৰ পিছতো বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে চেষ্টা চলাই ব্যৰ্থ হোৱাৰ পিছত এতিয়া মৰিয়নীত পৌৰসভা গঠন কৰিবলৈ ওলাইছে নিৰ্দলীয়ই ৷ এগৰাকী বিজেপি সদস্যইও যোগদান কৰিব নিৰ্দলীয় গোটত ৷ ৮ জন নিৰ্দলীয় পৌৰ সদস্য একত্ৰিত হৈ নিৰ্দলীয়ভাৱে গঠন কৰিব পৌৰসভা ।
মৰিয়নী পৌৰসভা নিৰ্বাচনত ধূলিসাৎ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সমান্তৰালকৈ উপ-নিৰ্বাচনত বৃহৎ সংখ্যক ভোট লৈ অভিলেখ সৃষ্টিৰে জয়ী হোৱা বিজেপি । পৌৰসভাৰ ১০ টা ৱাৰ্ডৰ মাত্ৰ ২ টা ৱাৰ্ডতহে জয়ী হ’বলৈ সক্ষম হ’ল শাসকীয় বিজেপিৰ প্ৰাৰ্থী ৷ তাৰ বিপৰীতে ৮ টা ৱাৰ্ডত নিৰ্দলীয় প্ৰাৰ্থী জয়ী হৈ এক নতুন অভিলেখ সৃষ্টি কৰিলে ।
পৌৰসভা নিৰ্বাচনৰ ফলাফল ঘোষণা পাছতেই বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে জয়ী নিৰ্দলীয় প্ৰাৰ্থীৰ ঘৰত উপস্থিত হৈ পৌৰসভাখন বিজেপি দলে গঠন কৰি বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছিল৷ কিন্তু সোমবাৰে নিৰ্দলীয় ৮ গৰাকী প্ৰাৰ্থী একত্ৰিত হৈ জানিবলৈ দিয়ে যে তেওঁলোকে বিজেপিৰ সৈতে কোনো যোগাযোগ কৰা নাই আৰু দলটোত যোগদান নকৰে৷ তেওলোকে নিৰ্দলীয়ভাৱে মৰিয়নী পৌৰসভা গঠন কৰিব বুলিও জানিবলৈ দিয়ে ৷
আনহাতে বিজেপিৰ পৰা জয়ী হোৱা দুগৰাকী প্ৰাৰ্থীৰ এগৰাকী প্ৰাৰ্থীয়ে নিৰ্দলীয়ভাৱে জয়ী হোৱা প্ৰাৰ্থীসকলৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে ৷ অচিৰেই বিজেপি দল ত্যাগ কৰি এইগৰাকী জয়ী বিজেপি প্ৰাৰ্থীয়ে নিৰ্দলীয় গোটত যোগদান কৰিব বুলি জানিবলৈ দিয়ে নিৰ্দলীয়টোৱে । স্থানীয় বিধায়কে এই বিষয়টোক লৈ কেতবোৰ অপপ্ৰচাৰ আৰম্ভ কৰিছে বুলিও নিৰ্দলীয় সদস্য কেইগৰাকীয়ে জানিবলৈ দিয়ে।