মৰাণ: আগন্তুক পৌৰসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান সমাপ্ত হবলৈ মাজত মাথো কিছু ঘন্টা বাকী।আজি বিয়লী সামৰনি পৰিব প্ৰচাৰ অভিযান। মৰাণ পৌৰসভা দখল কৰিবৰ বাবেও শাসকীয় বিজেপিক দিনৰাতি একেকাৰ কৰি নিৰ্বাচনী প্ৰচাৰ অভিযান চলোৱা দেখা গৈছে।

যোৱা সময় চোৱাত মন্ত্ৰী যোগেন মহনক দেখা গৈছে বিজেপি প্ৰাৰ্থীৰ হৈ দিনে নিশাই প্ৰচাৰত ব্যস্ত। মৰাণ পৌৰ সভাৰ ১১ টা ৱাৰ্ডৰ প্ৰাৰ্থীক লগত লৈ মৰাণ নগৰৰ মাজমজিয়াত থকা শিৱমন্দিৰত আশীষ লৈ চলাইছে প্ৰচাৰ অভিযান । প্ৰচাৰ অভিযানত বিৰোধীক তীব্ৰ সমালোচনাত ব্যস্ত হৈছে মন্ত্ৰী গৰাকী।
মন্ত্ৰী যোগেন মহনৰ মতে, “বিৰোধী এতিয়া ডুবিব ধৰা নাওঁ,বিৰোধীৰ কোনো উন্নয়নৰ পৰিকল্পনা নাই, মাথো বিজেপিক হৰুৱাব লাগে বুলি নিৰ্বাচনত প্ৰতিদন্দ্বিতা আগবঢ়াইছে, মৰাণৰ ১১ টা ৱাৰ্ডতে বিজেপি জয়ী হব।”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply