শিৱসাগৰ পৌৰসভাৰ নিৰ্বাচনী ভোজ ভাতৰ ৰাজনীতিৰ অভিযোগ। যোৱা নিশা নগৰৰ মাজমজিয়াত ফুকন নগৰত থকা ‘শান্তিধাম’ শ্মশানত বিজেপিৰ ভোজ ভাতকলৈ উত্তেজনাই বিৰাজ কৰে।
স্থানীয় মানুহৰ অভিযোগ এই ভোজভাত নিৰ্বাচনত প্ৰলোভিত কৰাৰ বাবে বিজেপিয়ে আয়োজন কৰিছিল বিজেপিৰ নেতা কৰ্মীয়ে।
মাংস ভাতৰে পৌৰসভাৰ ১০ নং ৱাৰ্ডত ভোট কিনাৰ চেষ্টা বিজেপিৰ।
প্ৰাৰ্থী উপমা বৰাক ভোট দিবলৈ ভোটাৰক প্ৰলোভিত কৰাৰ বাবেই এই মাংসৰ ভোজ ভাত বুলি অভিযোগ।
নিৰ্বাচনী পৰ্যবেক্ষকে জব্দ কৰিলে ৫০ কেজি মাংস আৰু বিশাল ভোজৰ সামগ্ৰী। এই আয়োজনত শিৱসাগৰ বিজেপি নেতা শশাংক মেধীও জড়িতৰ অভিযোগ।
শিৱসাগৰ পৌৰসভাৰ ১৪ খন আসনৰ বাবে হোৱা নিৰ্বাচনত এইবাৰ বিজেপি স্থানীয় বিধায়ক অখিল গগৈ সমৰ্থিত প্ৰাৰ্থীসকলৰ মাজত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।
লগতে পঢ়ক- আজি ৰাজ্যত অনুষ্ঠিত হৈছে পৌৰ নিৰ্বাচন