বিজেপিৰ দখলত সোণাৰি পৌৰসভা। কংগ্ৰেছ শূণ্য কৰি নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে বিজেপি দলৰ প্ৰাৰ্থী জয়ী হোৱাৰ পাছত উৎফুল্লিত সকলো। বিজেপি দলৰ ১৪ গৰাকী আৰু মিত্ৰ দল অসম গণ পৰিষদৰ এগৰাকী প্ৰাৰ্থীয়ে পৌৰসভা নিৰ্বাচনত জয় লাভ কৰা পাছত চৰাইদেউ জিলা বিজেপি কাৰ্যালয়ত আনন্দ উৎসৱ কৰা পৰিলক্ষিত হৈছে সম্প্ৰতি।
আনহাতে দলীয় কৰ্মীসকলৰ লগত আনন্দ উৎসৱত অংশগ্ৰহণ কৰি সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰেও বিহু নৃত্য কৰা পৰিলক্ষিত হয়। ইফালে চৰাইদেউ জিলা বিজেপিৰ কাৰ্যালয়ত সাংসদ তপন কুমাৰ গগৈ, কেবিনেট মন্ত্ৰী যোগেন মহন, জিলা বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছায়ো দলীয় কৰ্মীৰ লগত নৃত্য কৰি দলৰ সফলতাত উৎফুল্লিত হৈ উঠিছে।
মন কৰিবলগীয়া যে সোণাৰি পৌৰসভাৰ এক নং ৱাৰ্ডত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ লগতে কংগ্ৰেছ দলৰ প্ৰাৰ্থীক পৰাজিত কৰি এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়লাভ কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত সোণাৰি পৌৰসভাত ধূলিসাৎ হয় কংগ্ৰেছ।
সোণাৰি পৌৰসভা
১ নং ৱাৰ্ড শুভ্ৰজিত সোনোৱাল (নিৰ্দলীয়)
২ নং ৱাৰ্ড মিতালী মণ্ডল , বিজেপি
৩ নং ৱাৰ্ড স্বাক্ষৰ জ্যোতি গগৈ , বিজেপি
৪ নং ৱাৰ্ড গিৰিণ গগৈ, বিজেপি
৫ নং ৱাৰ্ড ৱাজিদা বেগম, বিজেপি
৬ নং ৱাৰ্ড ভাস্কৰ বৰুৱা, বিজেপি
৭ নং ৱাৰ্ড দীপামণি গগৈ, বিজেপি
৮ নং ৱাৰ্ড কল্পনা হাজৰিকা, বিজেপি
৯ নং ৱাৰ্ড চুমা দাস, বিজেপি
১০ নং ৱাৰ্ড নমিতা গগৈ বুঢ়াগোহাঁই, বিজেপি
১১ নং ৱাৰ্ড সুৰজিত বৰা (অগপ)
১২ নং ৱাৰ্ড তিলক চন্দ্ৰ নেওগ , বিজেপি
১৩ নং ৱাৰ্ড অঞ্জলী খঙীয়া , বিজেপি
১৪ নং ৱাৰ্ড বলিন কলিতা, বিজেপি
১৫ নং ৱাৰ্ড অনিতা চাহু, বিজেপি
১৬ নং ৱাৰ্ড বন্দনা বৰুৱা, বিজেপি