সোণাৰি: তেখেতসকলে বনাই থোৱা ঘৰটো ভাঙে, এফালে মাটিৰ পট্টাৰ কথা কয় আনফালে চাৰ্কোল অফিচ জ্বলাই দিয়ে, স্বাভিমানৰ কথা কোৱা সকলে শংকৰদেৱ কলাক্ষেত্ৰৰ শৰাইখন ভাঙে। এই মন্তব্য ৰাজ্যৰ মন্ত্ৰী বিমল বৰাৰ। সোণাৰিত অনুষ্ঠিত এক অনুষ্ঠানত বিশেষভাৱে অংশগ্ৰহণ কৰাৰ পাছত সাংবাদিকৰ আগত এই মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে।
চলিত বিধানসভাৰ বাজেট অধিৱেশনত অখিল গগৈৰ সৰৱ ভুমিকা সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত এনেদৰে কয় মন্ত্ৰী গৰাকীয়ে কয়। তেখেতে কয়, বিৰুদ্ধাচৰণ কৰাটোৱেই তেখেতসকলৰ কাম আৰু ৰাইজক ভাল এখন চৰকাৰ দিয়াটো আমাৰ কাম। গতিকে আমি ৰাইজৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়ন কৰিবলৈ আগবাঢ়িছো।
আনহাতে বিধানসভাৰ বাজেট অধিৱেশনত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা বাজেটত অসমৰ সকলো শ্ৰেণীৰ লোকক চুই যাব পৰাকৈ বিভিন্ন বিষয় অন্তৰ্ভুক্ত কৰা হৈছে। সেই বিষয়সমূহ চৰকাৰে ৰূপায়ন কৰিব বুলিও মন্তব্য কৰে ৰাজ্যৰ শক্তি, পৰ্যটন আৰু সাংস্কৃতিক পৰিক্ৰমা তথা যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী বিমল বৰাই।

উল্লেখ্য যে ক’ভিড ১৯ ত স্বামীহাৰা হোৱা চৰাইদেউ জিলাৰ মহিলাসকলক এককালীন অনুদান আগবঢ়োৱাৰ উদ্দেশ্যে অনুষ্ঠিত কৰা এক অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী গৰাকী। চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত হোৱা এই অনুষ্ঠানত মন্ত্ৰী বিমল বৰাই ক’ভিড ১৯ ত স্বামীহাৰা হোৱা ২৪ গৰাকী মহিলাৰ মাজত অনুদানৰ চেক বিতৰণ কৰে।
অসমৰ জাতীয় সংগীতেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত চৰাইদেউ জিলাৰ উপায়ুক্ত বিনীতা পেগু, অতিৰিক্ত উপায়ুক্ত জাভেদ আৰমান, চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙৰ লগতে এপিডিচিএলৰ সঞ্চালক অনুপ সিং ৰাজপুৰোহিতৰ উপৰিও প্ৰশাসনীয় বিষয়া সকল উপস্থিত থাকে।
লগতে পঢ়ক কোভিড সন্দৰ্ভত কাইলৈ প্ৰকাশ পাব নতুন SOP