মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ অন্তৰ্গত টেপৰপাৰাত মাছ মৰাক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত সংঘটিত হয় ভয়ংকৰ মাৰপিটৰ ঘটনা। দুই ফৈদৰ মাৰপিটৰ ঘটনাত এজন লোকৰ মৃত্যু হয়। ঘটনা সংক্রান্তত কালাপানী আৰক্ষী চকীত এজাহাৰ দাখিল।
কালাপানী আৰক্ষীয়ে মাৰপিটৰ ঘটনাৰ লগত জড়িত থকা তিনিজনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে। কালাপানী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোক কেইজন হ’ল ক্ৰমে আশাদ আলী, হজৰত আলী আৰু ফটিক মণ্ডল।
মানকাচৰৰ অসম-মেঘালয় সীমান্তৰ টেপৰপাৰাত জুলহাশ আলী, আনোৱাৰ হুছেইন আৰু আলম নামৰ তিনিজন লোকক মাছ মৰাক কেন্দ্ৰ কৰি কোদালেৰে আক্ৰমণ কৰি গুৰুত্বৰভাৱে আহত কৰে। ইয়াৰে আনোৱাৰ হুছেইন নামৰ যুৱকজনক গোৱালপাৰাত উন্নত চিকিৎসাৰ বাবে নিয়াৰ সময়ত মৃত্যু হয়।
লগতে পঢ়ক : আপুনি মেদবহুলতাত ভুগিছে নেকি? জানক শৰীৰৰ ওজন হ্ৰাস কৰাৰ ৫ টা সহজ উপায়
ইফালে ঘটনাক লৈ মানকাচৰত চেপা উত্তেজনা বিৰাজ কৰিছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্ত তিনিজনৰ ঘৰত উত্তেজিত ৰাইজে অগ্নি সংযোগ কৰে।