ৰূপহীহাট : ৰূপহীহাটত ভয়াবহ ভূমি কেন্দ্ৰিক সংঘাত। ভূমি কেন্দ্ৰিক সংঘাতৰ ফলত আহত হয় ১০ জন। এজনৰ অৱস্থা সংকটজনক।
নগাঁও জিলাৰ ৰূপহীহাটৰ আমবাগানত এক ভয়াবহ ভূমি কেন্দ্ৰিক সংঘাতৰ ঘটনা সংঘটিত হৈছে। দুই ফৈদৰ মাজত হোৱা ভয়াৱহ সংঘাতৰ ফলত পুৰুষ-মহিলাক ধৰি ১০ জন আহত হৈছে।
ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত ভাটিয়াখালী গাঁৱত ভূমি বিবাদক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত প্ৰচণ্ড সংঘৰ্ষৰ সৃষ্টি হয়। হাতে হাতে লাটি লৈ দুই ফৈদে ভয়াবহ সংঘৰ্ষত লিপ্ত হয়। আক্ৰমণ-প্ৰত্যাক্ৰমনত গুৰুত্বৰভাৱে আহত হয় উভয় ফৈদৰ পুৰুষ-মহিলাসহ মুঠ ১০ জনকৈ লোক।
লগতে পঢ়ক : নিশা আয়ুৰচুন্দ্ৰা হাস্পতালত ভৰ্তি কৰোৱা হয় জুবিন গাৰ্গক
গাঁওখনৰ হজৰত আলী আৰু আতৰ আলীৰ পৰিয়াল দুটাৰ মাজত সংঘটিত হয় এই সংঘৰ্ষ। আহত হোৱা দুয়ো পক্ষৰ লোক কেইজনক কাৱৈমাৰী নুৰুল হুছেইন এফ আৰ ইউ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।ইয়াৰে এজনৰ অৱস্থা সংকটজনক। ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।