ৰূপহীহাট : ক’ভিড ভেকচিন কেন্দ্ৰত দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট। জুৰীয়াৰ তিনিচুকীয়াৰ ক’ভিড ভেকচিন কেন্দ্ৰত সংঘটিত হৈছে মাৰপিটৰ ঘটনা। মাৰপিটৰ ফলত গুৰুত্বৰভাৱে আহত এজন লোক।
নগাঁও জিলাৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত তিনিচুকীয়া প্ৰাথমিক বিদ্যালয়ত থকা ক’ভিড ভেকচিন কেন্দ্ৰত দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়। ক’ভিড ভেকচিনৰ দীঘলীয়া শাৰীত তীব্ৰ হেঁচা-ঠেলাৰ সৃষ্টি হয়।
একাংশ লোকে বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰাত প্ৰথমে তৰ্কবিতৰ্কৰ সৃষ্টি হয় আৰু পিছত ভেকচিন কেন্দ্ৰটোত তৰ্কবিতৰ্কই মাৰপিটৰ ৰূপ লয়। এটা ফৈদ আনটো ফৈদৰ ওপৰত জপিয়াই পৰি চলায় তীব্ৰ আক্ৰমণ।
লগতে পঢ়ক : চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত মানকাচৰত ভয়ংকৰ অগ্নিকাণ্ড
দুই ফৈদৰ আক্ৰমণত নবী হুছেইন নামৰ এজন লোক গুৰুত্বৰভাৱে আহত হয়। আহত লোকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ভেকচিন কেন্দ্ৰটোত ইতিমধ্যে আৰক্ষী মোতায়ন কৰিছে প্ৰশাসনে।