শিৱসাগৰত ভূমি বিবাদক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত খণ্ডযুদ্ধ।
খাটপথাৰত এটুকুৰা মাটিক কেন্দ্ৰ কৰি দুটা পক্ষৰ মাজত এক হতাহতিৰ পৰিস্থিতি সৃষ্টি হয়।আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।
খাটপথাৰৰ এটুকুৰা মাটিক দুটা পক্ষই নিজৰ বুলি দাবী কৰাৰ পাছতে সৃষ্টি হয় এনে অপ্ৰীতিকৰ পৰিস্থিতিৰ।
এটা পক্ষই এজন মানুহৰ পৰা মাটি ক্ৰয় কৰা বুলি দাবী কৰি মাটিৰ নথি-পত্ৰ প্ৰদৰ্শন কৰাৰ বিপৰীতে আনটো পক্ষয়ো আন এজন লোকৰ পৰা মাটি ক্ৰয় কৰাৰ দাবী কৰিছে।
বিমান চুতীয়া নামৰ লোক এজনৰ পক্ষই আল্পনা নামৰ মহিলা গৰাকীৰ পক্ষৰ সৈতে হতাহতিত লিপ্ত হয়।
আল্পনা নামৰ মহিলা গৰাকীৰ পক্ষই বিমান চুতীয়াৰ লগতে গৌতম ভূমিজ নামৰ এজন লোকক মাৰি আহত কৰে। আনহাতে দুগৰাকী মহিলাৰো কাপোৰ ফালি আহত কৰাৰ অভিযোগ।
এটা পক্ষই নিজৰ বুলি দাবী কৰা মাটিত নিৰ্মাণ আৰম্ভ কৰাৰ পাছত আনটো পক্ষই উক্ত নিৰ্মাণ ভাঙি দিয়াক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
এই সমগ্ৰ কাজিয়াত থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰীৰ নাম লৈ বিমান চুতীয়াৰ পক্ষই আল্পনা পক্ষক গুলীয়াই মৰাৰ অভিযোগ আহিছে।
লগতে পঢ়ক- পৌৰ নিৰ্বাচনত শিৱসাগৰ, ডবকা ভোটগ্ৰহন কেন্দ্ৰত উতপ্ত পৰিস্থিতি
লগতে বিমান চুতীয়াৰ পক্ষই আল্পনাক অশালীন আচৰণ কৰাৰো অভিযোগ আনিছে।
কিন্তু উপস্থিত লোকে আল্পনাই নিজৰ কাপোৰ নিজে ফালি লোৱা বুলি সদৰী কৰিছে।
অৱশেষত আৰক্ষীয়ে বিবাদত জড়িত দুয়ো পক্ষকে শিৱসাগৰ সদৰ থানালৈ আনি তদন্ত অব্যাহত ৰাখিছে।