নিউজ ডেস্ক : অহা ১৬ আগষ্ট আৰু ১৫ ছেপ্টেম্বৰত চি বি এছ ইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ব্যক্তিগত পৰীক্ষাৰ্থীসকলৰ পৰীক্ষা অনুষ্ঠিত হ’ব। বুধবাৰে চি বি এছ ইৰ ফালৰ পৰা এই কথা ঘোষণা কৰা হয়।
চি বি এছ ইৰ পৰীক্ষা নিয়ন্ত্ৰক শন্যাম ভৰদ্বাজে কয়, ‘১৬ আগষ্ট আৰু ১৫ ছেপ্টেম্বৰত পৰীক্ষা অনুষ্ঠিত হ’ব আৰু যিমান পাৰি কম সময়ৰ ভিতৰতে তেওঁলোকৰ ফলাফল ঘোষণা কৰা হ’ব যাতে নামভৰ্তিৰ ক্ষেত্ৰত তেওঁলোকৰ কোনো অসুবিধা নহয়।’
উল্লেখযোগ্য যে একাংশ ব্যক্তিগত পৰীক্ষাৰ্থীয়ে নিয়মীয়া ছাত্ৰ-ছাত্ৰীৰ তুলনাত তেওঁলোকৰ সৈতে বৈষম্য কৰা হৈছে বুলি অভিযোগ তুলি আজি দিনৰ ভাগত চি বি এছ ইৰ মুখ্য কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।
লগতে পঢ়ক : CAA, NRC-ৰ সৈতে হিন্দু-মুছলিম বুলি কোনো কথা নাই; গুৱাহাটীত RSS প্ৰধানৰ মন্তব্য