মৰাণ : পুৱাই হাতত ঝাড়ু, কোৰ আৰু লগত এদল পুৰুষ মহিলা লৈ মৰাণৰ ৰাজপথলৈ ওলাই আহিল মন্ত্ৰী যোগেন মহন। নগৰখনৰ অলিয়ে গলিয়ে দ’ম হৈ থকা জাৱৰৰ লগতে য’ত ত’ত সিচৰিত হৈ থকা আৱৰ্জনা লাগিল চাফা কৰাত।

উল্লেখ্য সোমবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বানাৰসীৰ কাশীত তিনি হাজাৰ সন্যাসীৰ উপস্থিতিত প্ৰায় ৮০০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা কাশীধামৰ কৰিদৰ উদ্বোধন কৰাৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজি দিব্য কাশী, তব্য কাশী নামৰ এক স্বচ্ছতা অভিযান আৰম্ভ কৰে মৰাণ নগৰত।

মৰাণ নগৰৰ মন্দিৰ ৰাজপথ আদি মন্ত্ৰী যোগেন মহনে নিজে হাতত ঝাড়ু কোৰ লৈ পৰিস্কাৰ কৰা পৰিলক্ষিত হয়। আনহাতে অহা ফেব্ৰুৱাৰী মাহত হবলগীয়া পৌৰসভা নিৰ্বাচনৰ সকলো কাম কাজ ইতিমধ্যে প্ৰস্তুতি তুংগত আৰু এই নিৰ্বাচনত মহিলা সকলক অধিক গুৰুত্ব প্ৰদান কৰা হৈছে বুলি জানিব দিয়ে মন্ত্ৰী যোগেন মহনে।

লগতে পঢ়ক-বোকাজানত জব্দ ৮ কিলোগ্ৰাম সোণ

লগতে বিজেপি অগপৰ মিত্ৰজোটৰ অংশ কেনেধৰণৰ হব বুলি সোধা সাংবাদিকৰ প্ৰশ্নত মন্ত্ৰী মহনে কয় যে জিলা প্ৰয্যায় বিজেপি বুথৰ লগত আলোচনাৰ পাছতহে সঠিক ৰিজাল্ট ওলাব বুলি কয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply