গোলাঘাট : ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপনকলৈ দেশজুৰি ব্যাপক ব্যস্ততা৷ চৰকাৰ, প্ৰশাসনৰ লগতে সৰ্বসাধাৰণ ৰাইজ ব্যস্ত স্বাধীনতা দিৱস উদযাপনকলৈ। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো দেখিবলৈ পোৱা গৈছে ব্যাপক প্ৰস্তুতি। গোলাঘট জিলাৰ খুমটাইৰ কঠালগুৰি কেন্দ্ৰীয় উন্নয়ণ খণ্ডৰ কাৰ্যালয়ত বিভিন্ন কৰ্মসূচীৰে তিনিদিনীয়াকৈ উদযাপন কৰা হ’ব ৭৫ সংখ্যক স্বাধীনতা দিৱস।
গোলাঘাটৰ কঠালগুৰি কেন্দ্ৰীয় উন্নয়ণ খণ্ডৰ উদ্যোগত আয়োজিত স্বাধীনতা দিৱসৰ অনুষ্ঠান চাফাই অভিযান আৰু বৃক্ষৰোপনেৰে শুভাৰম্ভ কৰা হয়। খণ্ড উন্নয়ন বিষয়াৰ লগতে অন্যান্য বিষয়া-কৰ্মচাৰী সকলে হাতত ঝাড়ু লৈ নামি পৰে চাফাই অভিযানত। অলিম্পিকত পদক বিজয়ী লাভলীনা বৰগোহাঁইলৈও অভিনন্দন জনালে সকলোৱে। ক’ভিডসৃষ্ট পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কঠালগুৰি উন্নয়ন খণ্ডৰ অধীনস্থ ১৩ খন উচ্চ মাধ্যমিক বিদ্যালয়ৰ একোজনকৈ নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে ঠলিতে লিখা ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে।
ছাত্ৰ-ছাত্ৰী সকলৰ মাজত প্ৰতিযোগিতাৰ মাধ্যমেৰে স্বাধীনতা দিৱসৰ তাৎপৰ্য্য অৱগতিৰ উদ্দেশ্যে গ্ৰহণ কৰা হৈছে এই পদক্ষেপ। ১৫ আগষ্টৰ দিনটিত ৰাষ্ট্ৰীয় পতাকা উত্তোলনস্থলীতে বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰি প্ৰতিযোগিতাৰ বঁটা সমূহ প্ৰদান কৰা হ’ব। এইদৰেই খুমটাইৰ কঠালগুৰি উন্নয়ন খণ্ডত তিনিদিনীয়াকৈ স্বাধীনতা দিৱস উদযাপনত ব্যস্ত হৈ পৰিছে বিষয়া-কৰ্মচাৰী সকল।
লগতে পঢ়ক : চন্দ্ৰপুৰতে ডাম্পিং গ্ৰাউণ্ড থকাৰ ইংগিত দিলে নেকি মুখ্যমন্ত্ৰীয়ে
ক’ভিডৰ নীতি-নিয়মৰ মাজেৰে চৰকাৰী কৰ্মচাৰী সকলে হাতে-কামে জড়িত হৈ প্ৰকৃতি সুৰক্ষাৰ্থে বৃক্ষৰোপন কাৰ্যসূচীৰ লগতে ছাত্ৰ-ছাত্ৰীৰ বিদ্যায়তনিক দিশৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ জৰিয়তে স্বাধীনতা দিৱস উদযাপন কৰা কৰ্মক প্ৰশংসা কৰিছে স্থানীয় ৰাইজে।