পিটিআই, গুৱাহাটী: প্ৰত্যেক বছৰে, এই সময়খিনিত নেৰানেপেৰা বৰষুণ আৰু তাৰ ফলত হোৱা ভূমিস্খলন আৰু বানপানীৰ ফলত অসমত জনজীৱন একপ্ৰকাৰ স্তব্ধ হৈ পৰে। লক্ষণীয়ভাৱে যোৱা কিছু বছৰৰ পৰা ৰাজ্যখনত বানৰ প্ৰকোপ ক্ৰমাৎ বৃদ্ধি পোৱা দেখা গৈছে।

বিশেষজ্ঞসকলৰ মতে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা অতীতৰ পৰাই বানপানীৰ দ্বাৰা আক্ৰান্ত হৈ আহিছে যদিও যোৱা কিছু বছৰৰ পৰা বানে সংহাৰী ৰূপ ধাৰণ কৰাৰ প্ৰধান কাৰণসমূহ হৈছে- ত্ৰুটিপূৰ্ণ বান নিয়ন্ত্ৰণ ব্যৱস্থা, জনসংখ্যা বৃদ্ধিৰ ফলত সৃষ্টি হোৱা চাপ, জলাশয়ৰ সংকোচন, নিয়ম-বহিৰ্ভূত নিৰ্মাণ আৰু পক্ষপাতিত্বমূলক বিকাশ নীতি।

পৰিৱেশ বিজ্ঞানী ড০ পাৰ্থ জ্যোতি দাসে সংবাদ এজেন্সী পিটিআইক জনোৱা মতে বিগত কিছু বছৰৰ তুলনাত এইবাৰ মে’ আৰু জুনত হোৱা প্ৰলয়ংকৰী বানত বিস্তৰ এলেকা ইয়াৰ কবলত পৰিছে। তদুপৰি এইবাৰ আগতীয়াকৈ অহা বাৰিষাত যিধৰণৰ বিস্তৰ ক্ষতি হৈছে সেয়া যোৱা বহু বছৰ ধৰি হোৱা নাছিল বুলি তেওঁ কয়।

বানপ্ৰৱণ অঞ্চলবোৰত বৰ্ধিত জনসংখ্যা আৰু জধে-মধে চলা নিৰ্মাণকাৰ্য ৰাজ্যখনত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰা ক্ষতিৰ এক অন্যতম মূল কাৰণ। কেইবাঠাইতো মথাউৰি ভাঙি ব্যাপক ক্ষতিসাধন হৈছে। ইয়াত উপৰি সঘনাই আহিবলৈ ধৰা কৃত্ৰিম বানপানীয়ে মানুহক জীৱন আৰু সম্পত্তি ৰক্ষা কৰিবলৈ খুব কম সময় দিয়ে বুলি তেওঁ লগতে কয়।

তদুপৰি বানপানীৰ পূৰ্বানুমান আৰু আগতীয়া সতৰ্কবাণীৰ খবৰ বহু সময়ত পিছপৰা অঞ্চল বা শ্ৰেণীৰ লোকসকলৰ ওচৰলৈ সময়মতে গৈ নাপায়, ফলত তেওঁলোকে বিপদৰ বাবে প্ৰস্তুত হ’বলৈ কোনো সুযোগে নাপাই বুলি পৰিৱেশবিদ গৰাকীয়ে উল্লেখ কৰে।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (এএছডিএমএ)-ৰ এজন মুখপাত্ৰই জনোৱা মতে অসমত চলিত বানপানীত এতিয়ালৈকে ১৭৪ জন লোকে প্ৰাণ হেৰোৱাৰ লগতে ২,৩৫,৮৪৫.৭৪ হেক্টৰ কৃষিভূমিৰ ক্ষতি সাধন হৈছে যাৰ ফলত ৯০ লাখ লোকৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে।

জল সম্পদ বিভাগৰ এজন বিষয়াই কোৱা মতে ব্ৰহ্মপুত্ৰ উপত্যকা পৃথিৱীৰ ভিতৰতে আটাইতকৈ বানপ্ৰৱণ অঞ্চলসমূহৰ ভিতৰত অন্যতম, ইয়াৰ পিছতে পৰে বৰাক উপত্যকা। প্ৰায় ১০০ খন সৰু-বৰ নৈ, উপনৈ আহি যোগ হোৱাএই দুয়োখন নদীৰ ফলত অসমৰ ৪০ শতাংশ অঞ্চলেই বানপ্ৰৱণ অঞ্চল হিচাপে চিহ্নিত।

ইয়াৰ লগত একাধিক প্ৰাকৃতিক আৰু মানৱসৃষ্ট কাৰক যোগ হৈ এই সমস্যাক ক্ৰমাৎ অধিক জটিল কৰি তুলিছে বুলি বিষয়া গৰাকীয়ে কয়।  

অত্যাধিক বৰষুণ, ভূমিকম্পৰ ফলত নদীৰ গতিপথৰ পৰিৱৰ্তন তথা নদীতল ওপৰলৈ উঠি অহা, আৰু নদীসমূহৰ একক ভূ-পৰিৱেশ পৰিস্থিতি (বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ ক্ষেত্ৰত) অসমত বান পৰিস্থিতিৰ অৱনতি ঘটাৰ কেইটামান মূল কাৰণ বুলি বিষয়াজনে লগতে কয়।

শিলচৰ,গুৱাহাটী, ডিব্ৰুগড়, বৰপেটা, নলবাৰী আৰু তিনিচুকীয়া আদি নগৰীয়া অঞ্চলত হোৱা বানপানীয়ে ৰাজ্যখনৰ ড্ৰেইনেজ ব্যৱস্থাত থকা আসোঁৱাহসমূহ নগ্ন ৰূপত দাঙি ধৰে।  

নদী বিশেষজ্ঞ প্ৰদীপ পূজাৰীয়ে পিটিআইক জনোৱা মতে, আগতে বানপানীৰ সময়ত আউটলেট হিচাপে কাম কৰা স্থানীয় জলাশয়সমূহ এতিয়া পোত যোৱাৰ ফলত নগৰীয়া ঠাইবিলাক বানপানী প্ৰকোপত পৰিছে।

অসম বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞানৰ প্ৰাক্তন অধ্যাপক ড০ অভিক গুপ্তাৰ মতে জলবায়ু পৰিৱৰ্তনৰ লগতে পাহাৰ কটা তথা বনধ্বংস আদি ইয়াৰ অন্যতম কাৰণ। এই সমস্যাৰ স্থায়ী সমাধানসূত্ৰ বিচাৰি আলোচনা চলাই থকা হৈছে বুলি দাসে কয়।

অৱশ্যে দাসে লগতে এই কথাও কয় যে ইয়াৰ পিছতো মানুহে বানপানীৰ সৈতে সহাৱস্থান লাগিব পাৰে, অন্ততঃ কিছু পৰিমাণে। কাৰণ দুৰ্যোগ হ্ৰাস কৰাৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ পিছতো প্ৰকৃতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ এতিয়াও প্ৰযুক্তিৰ যথেষ্ট সীমাবদ্ধতা আছে।

লগতে পঢ়ক – অসমত পাম তেলৰ খেতিৰ বাবে পতঞ্জলীৰ সৈতে ৰাজ্য চৰকাৰৰ চুক্তি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,462 other subscribers

Leave a comment

Leave a Reply Cancel reply