নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াক আজি কংগ্ৰেছ বিধায়িনী দলৰ নেতা হিচাবে সৰ্বসন্মতিক্ৰমে নিৰ্বাচন কৰা হয়।
আজি অনুষ্ঠিত হোৱা কংগ্ৰেছ বিধায়িনী দলৰ সভাত চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনক বিধায়িনী দলৰ উপ নেতা, ৱাজেদ আলী চৌধুৰীক মুখ্য সচেতক, কমলাক্ষ দে’পুৰকায়স্থক উপ মুখ্য সচেতক, মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক সচিব হিচাবে নিৰ্বাচিত কৰা হয়।
বিধায়ক থাওৰাৰ বিধায়ক সুশান্ত বৰগোঁহাইক বিধায়িনী দলৰ মুখপাত্ৰ আৰু ছয়গাৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদক কোষাধ্যক্ষ ৰূপে নিৰ্বাচিত কৰা হয়।
লগতে পঢ়ক সাংবাদিক সকলৰ পেন্সন প্রতিমাহে ৮০০০ টকাৰ পৰা ১০,০০০ টকালৈ বৃদ্ধি